নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কভিড শূণ্য হ’ল হাইলাকান্দি জিলা

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ হাইলাকান্দি জিলাত দ্ৰুত হ্ৰাস পাইছে কভিড পজিটিভ ৰোগীৰ সংখ্যা। হাইলাকান্দি জিলাত বৰ্তমান কভিড আক্ৰান্ত ৰোগীৰ  সংখ্যা শূন্য। জিলাখনৰ কভিড কেয়াৰ চেণ্টাৰ বা Home isolation-ত কোনো পজিটিভ ৰোগী নাই। চিকিৎসক ,নাৰ্চ আৰু স্বাস্থ্য কৰ্মীৰ অক্লান্ত পৰিশ্ৰমৰ ফলত হাইলাকান্দি জিলাত বৰ্তমান কভিড ৰোগৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ হাৰ ৯৯.১২ শতাংশলৈ বৃদ্ধি হৈছে। হাইলাকান্দি জিলাত মুঠ৩৩২৫জন ব্যক্তি কভিডত আক্ৰান্ত হৈছিল। তাৰ মাজত ৩৩১০জনে আৰোগ্য লাভ কৰিছে।যোৱা এটা সপ্তাহত হাইলাকান্দি জিলাত কোনো ব্যক্তি কভিড পজিটিভ বুলি চিনাক্ত হোৱা নাই।বৰাক উপত্যকাৰ প্ৰথম খন জিলা হিচাপে হাইলাকান্দি জিলাত একটিভ পজিটিভ  শূন্য লৈ নামি আহিছে।

You might also like