নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ২৪ ঘণ্টাত ১০জনৰ মৃত্যু, আক্রান্ত ১,৯৩১

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ ৰাজ্যখনত ক’ভিডে ভয়ানক ৰূপ লৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ক’ভিড আক্রান্ত ১০গৰাকীকৈ লোক মৃত্যুমুখত পৰাৰ লগতে নতুনকৈ ১,৯৩১গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি  কালি কামৰূপ মেট্র’ৰ তিনিগৰাকী, কার্বি আংলঙৰ দুগৰাকী, বৰপেটা, ডিব্রুগড়, কৰিমগঞ্জ, শোণিতপুৰ আৰু তিনিচুকীয়াৰ এগৰাকীকৈ মুঠ ১০গৰাকী লোক ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷

সেইদৰে কালিৰ দিনটোত ১,৯৩১গৰাকী লোক নতুনকৈ ক’ভিডত আক্রান্ত হয়৷ দিনটোত ৭৩,৪২৮গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ২.৬৩ শতাংশ৷ কালি আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মেট্র’ৰ ৬৮০গৰাকী, ডিব্রুগড়ৰ ১৪৩গৰাকী, কামৰূপৰ ১৩৬গৰাকী আৰু নগাঁৱৰ ১০৩গৰাকী লোক আছে৷

আনহাতে সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত কালি ৩৯৮গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত সক্রিয় হৈ থকা ক’ভিড ৰোগীৰ সংখ্যা হৈছে ১০,৫৭১গৰাকী৷

You might also like