নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত বিদ্যালয়ে বিদ্যালয়ে ক’ৰোনা

নিয়মীয়া বার্তা, ২২ এপ্রিলঃ কোকৰাঝাৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্র–ছাত্রী এইবাৰ ক’ৰোনাত আক্রান্ত হোৱাত অভিভাৱকসকল শংকিত হৈ পৰিছে৷ কোকৰাঝাৰ ডি এন হিম্মৎসিংকা হাইস্কুল, শক্তি আশ্রম উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ ঘোঁৰামাৰা নিম্ন প্রাথমিক বিদ্যালয়ৰ পাঁচগৰাকী ছাত্র–ছাত্রী ক’ৰোনাত আক্রান্ত হৈছে৷ জিলা প্রশাসনে ইতিমধ্যে কোকৰাঝাৰ ডি এন হিম্মৎসিংকা হাইস্কুলক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি বিদ্যালয়খনত সোমোৱা–ওলোৱা নিষিদ্ধ কৰিছে৷

তদুপৰি ডি এন হিম্মৎসিংকা হাইস্কুলৰ সন্মুখৰ ৰাস্তাৰেও গাডী–মটৰৰ চলাচল নিষেধ কৰিছে৷ এনে এক পৰিস্থিতিৰ মাজতে কালি কোকৰাঝাৰ শিক্ষাখণ্ডৰ খণ্ড শিক্ষা বিষয়া তথা খণ্ড মিছন সমন্বয়ক প্রদীপ কুমাৰ গয়াৰীয়ে কয় যে চৰকাৰী এছ অ’ পি মতে সকলো চৰকাৰী আৰু বেচৰকাৰী নিম্ন প্রাথমিক বিদ্যালয়ত প্রাক প্রাথমিক শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত নিয়মীয়া পাঠদান বন্ধ থাকিব৷

নিয়মীয়া পাঠদান বন্ধ থকাৰ ফলত ছাত্র–ছাত্রীৰ পঢ়া–শুনা যাতে ব্যাহত নহয় তাৰবাবে শিক্ষক–শিক্ষয়িত্রীস অনলাইনযোগে পাঠদান কৰিব লাগিব আৰু যিসমূহ ঠাইত নেটৱর্ক নাই বা ছাত্র–ছাত্রীৰ অভিভাৱকৰ এনড্রইড ম’বাইল ফোন নাই, তেনে ছাত্র–ছাত্রীক গৃহতে পাঠদান কৰি দিব লাগিব৷ যিসমূহ চৰকাৰী বা বেচৰকাৰী বিদ্যালয়ে উক্ত নির্দেশনা পালন নকৰে তেওঁলোকৰ বিৰুদ্ধে নিয়মানুসাৰে কার্যব্যৱস্থা লোৱা হ’ব বুলি সদৰী কৰিছে প্রদীপ কুমাৰ গয়াৰীয়ে৷

You might also like