ক’ভিড পজিটিভ প্রসূতিৰ গোৱালপাৰা চিকিৎসালয়ত সফল অস্ত্রোপচাৰ
নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত আজি এগৰাকী ক’ভিড–১৯ আক্রান্ত প্রসূতিৰ সফল অস্ত্রোপচাৰ সম্পন্ন হয়৷ মহিলাগৰাকীয়ে এটি পুত্র সন্তান জন্ম দিয়ে আৰু জন্মৰ পিছতেই সন্তানৰ ছোৱাব পৰীক্ষা কৰাত ক’ভিড–১৯ ফলাফল নিগেটিভ ওলায়৷ জানিব পৰা মতে, জিলাখনৰ আগিয়াৰ বামুণপাৰাৰ কানু ৰয়ৰ স্ত্রী কনিকা ৰায় (৩৪) নামৰ মহিলাগৰাকীয়ে প্রসৱ বেদনাত ছটফটাই থকাত কালি পুৱা চিকিৎসালয়খনত ভর্তি কৰোৱা হৈছিল৷ পিছত ছোৱাৱ পৰীক্ষাত তেওঁৰ ক’ভিড–১৯ পজিটিভ ওলায়৷ বিষয়টো অৱগত কৰাত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গোৱালপাৰা অসামৰিক চিকিৎসালয়তে প্রসূতিগৰাকীৰ অস্ত্রোপচাৰ কৰাৰ নির্দেশ দিয়ে৷
স্বাস্থ্যমন্ত্রীগৰাকীৰ্ নির্দেশৰ পিছতে আজি সুকীয়াকৈ তাৎক্ষণিকভাৱে অস্ত্রোপচাৰ কক্ষ প্রস্তুত কৰি প্রসূতিগৰাকীৰ অস্ত্রোপচাৰ কৰা হয়৷ নৱজাতকটোক ইতিমধ্যে শিশুৰ যতন কক্ষত ৰখাৰ বিপৰীতে প্রসূতি মাতৃগৰাকীক ক’ভিড–১৯ৰ আইছ’লোচন ৱার্ডত ৰখা হৈছে৷ বাতৰি যুগুতোৱা পৰলৈকে মাতৃ–সন্তানৰ স্বাস্থ্য সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে৷ ক’ৰোনামুক্ত নৱজাতকটোৰ আগমনক কেন্দ্র কৰি পৰিয়ালটোত আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ নির্দেশমর্মে সাহসিক সিদ্ধান্ত গ্রহণ কৰি এই সফল অস্ত্রোপচাৰটো ডাঃ মণিকুন্তলা চৌধুৰী, ডাঃ বি কে বৰদলৈসহ ৭জনীয়া দল এটিয়ে সমাপন কৰে৷ ইফালে, এই অস্ত্রোপচাৰৰ সফলতাত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ শ্যামেলেন্দু দাসে অস্ত্রোপচাৰ কক্ষত কাম কৰা আটাইলৈ ধন্যবাদ জনায়৷