ধাৰাবাহিকভাৱে উন্নত পৰিস্থিতিঃ ৰাজ্যত আক্রান্তৰ হাৰ ৩.৯০ শতাংশলৈ হ্রাস
নিয়মীয়া বাৰ্তা, ১ জুনঃ ৰাজ্যত ধাৰাবাহিকভাৱে হ্রাস পাইছে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা৷ বিগত কিছুদিন ধৰি ৰাজ্য চৰকাৰে ক’ভিড পৰিস্থিতি নিয়ন্ত্রণৰ বাবে জাৰি কৰা কেতবোৰ নীতি–নির্দেশনাৰ পাছত উন্নত হৈছে ৰাজ্যৰ সামগ্রিক ক’ভিড পৰিস্থিতি৷
সোমবাৰৰ দিনটোত ৰাজ্যত আক্রান্তৰ হাৰ ৩.৯০ শতাংশলৈ হ্রাস পাইছে৷ সোমবাৰে ৰাজ্যত মুঠ ৪,৩৪৮জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,১১,৫৮৬টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৪৬৭জন কাছাৰ জিলাৰ৷ সেইদৰে তিনিচুকীয়াত ৪৪৫জন আৰু নগাঁৱত ৩৩০জন লোক সোমবাৰৰ দিনটোত ক’ভিড পজিটিভ হিচাপে ধৰা পৰিছে৷
ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত দ্রুতগতিত হ্রাস পাইছে ক’ভিড আক্রান্তৰ সংখ্যা৷ সোমবাৰে কামৰূপ (মহানগৰ) জিলাত আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ৩৮৪জন৷ অৱশ্যে ৰাজ্যত এতিয়াও কমা নাই মৃত্যু হোৱা লোকৰ সংখ্যা৷ সোমবাৰে ক’ভিডে প্রাণ ল’লে ৬৫জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত ১০জন কামৰূপ (মহানগৰ) জিলাৰ৷ তদুপৰি কামৰূপৰ ৯জন, যোৰহাটৰ ৭জন, শিৱসাগৰৰ ৫জন, কাছাৰ–দৰং–ডিব্রুগ ৪জনকৈ, বঙাইগাঁও–গোলাঘাটত ৩জনকৈ, বৰপেটা–হোজাই–নলবাৰী দুজনকৈ আৰু বাক্সা–ধুবুৰী–নগাঁৱত এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ সোমবাৰৰ দিনটোত সুস্থ হোৱা লোকৰ সংখ্যা হৈছে ৫,০৩৭জন৷
সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৫১,৬৯৪জন৷ ইফালে, যোৰহাটৰ এজন মেধাসম্পন্ন গৱেষকৰ ক’ভিডত মৃত্যুৰ বাতৰিয়ে সমগ্র জিলাখনতে শোকৰ ছাঁ পেলাইছে৷ যোৰহাট পকামূৰাৰ বৰশইকীয়া গাঁৱৰ ৰমণীকান্ত বৰা আৰু পুণ্যপ্রভা বৰাৰ একমাত্র পুত্র পংকজলোচন বৰাৰ দেওবাৰে নিশা ১১ বজাত ক’ভিডৰ পাছত সৃষ্টি হোৱা জটিলতাৰ বাবে মৃত্যু হয়৷ জার্মানী আৰু চেক গণৰাজ্যৰ দুটা প্রখ্যাত প্রতিষ্ঠানত গৱেষণা কৰালৈকে তেওঁ নিজৰ মেধা আৰু বুদ্ধিমত্তাৰ পৰিচয় দাঙি ধৰিছে৷ কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্রত পোষ্ট ডক্টৰেটৰ বাবে আগ্রহী গৱেষক ছাত্রজনে কেইবাটাও উচ্চমানৰ গৱেষণা প্রতিষ্ঠানৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল৷ সম্প্রতি অষ্ট্রিয়াৰ ভিয়েনাত তেওঁ কর্মৰত হৈ আছিল৷ কেইমাহমান পূর্বে স্ব–গৃহলৈ অহা গৱেষক ছাত্রজনে ক’ভিডৰ দ্বিতীয় ঢ়ৌৰ জটিলতাৰ বাবে কর্মস্থলীলৈ ঘূৰি যাব পৰা নাছিল৷ অত্যন্ত মেধাৱী আৰু অমায়িক এই যুৱকজনে সম্প্রতি কর্কট ৰোগৰ প্রতিষেধকৰ ওপৰত গৱেষণা কৰি আছিল৷