নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ সংক্রমণঃ ৰাজ্যত আক্রান্ত ১,৬৫১ ব্যক্তি, ৩জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ৰাজ্যখনত ক’ভিড পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে৷ মঙলবাৰৰ দিনটোত ৰাজ্যখনত ৩গৰাকী লোক ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰাৰ লগতে ১,৬৫১গৰাকী লোকৰ দেহত নতুনকৈ ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷

ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি মঙলবাৰৰ দিনটোত ৩গৰাকী লোকৰ মৃত্যু হয়৷ ইয়াৰে দুগৰাকী কামৰূপ (ম) আৰু এগৰাকী কাছাৰ জিলাৰ৷ সেইদৰে মঙলবাৰে নতুনকৈ ১,৬৫১গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ দিনটোত মুঠ ৬৭,১৫১গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ২.৪৬ শতাংশ৷

মঙলবাৰে কামৰূপ মেট্র’ জিলাত ৭৪২গৰাকী লোক আক্রান্ত হোৱাৰ বিপৰীতে ডিব্রুগড়ত ৯০, কামৰূপত ৯০, শোণিতপুৰত ৮২গৰাকী লোক সংক্রমিত হৈছে৷ আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত মঙলবাৰে ২৭৯গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷

বর্তমান ৰাজ্যখনত ৭,৬৮৫গৰাকী সক্রিয় ক’ভিড ৰোগী আছে৷ ইপিনে, মৰিয়নিত যোৱা দুটা দিনত বহিঃৰাজ্যৰ পৰা অহা ৩৩গৰাকী লোকৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰে৷ হৰিদ্বাৰৰ পৰা অহা ৯গৰাকী লোকৰ দেহত ইতিমধ্যে ক’ভিড পজিটিভ পোৱাৰ পিছত মঙলবাৰে পুনৰ চাৰিগৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷

You might also like