নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঢ়ৈ লাখৰ সীমা অতিক্রম অসমৰ

নমুনা পৰীক্ষা

নিয়মীয়া বাৰ্তা ২০ জুনঃ ক’ভিড–১৯ৰ নমুনা পৰীক্ষাৰ ক্ষেত্রত অসমে আঢ়ৈ লাখৰো অধিক সংখ্যা অতিক্রম কৰিছে৷ আজিলৈকে ৰাজ্যখনত ২,৫৮,৭৯৭টা নমুনা পৰীক্ষা সম্পন্ন হয়৷ আনকি শুকুৰবাৰে দিনটোতে অসমত ১২ হাজাৰৰো অধিক নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে এই কথা প্রকাশ কৰিছে৷ মন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি এতিয়ালৈ সম্পন্ন হোৱা ২,৫৮,৭৯৭টা নমুনাৰ ভিতৰত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালে ৩০,১১০টা, শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালে ২৩,৬২০টা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে ৪২,৪০৬টা, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে ১৩,৬৩৯টা, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালে ২৮,২৩৭টা, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালে ৩৭,৯৩৪টা, ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালে ১,১০৭টা, ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজ ইন ছায়েন্স এণ্ড টেকন’ল’জী (আইএএছএছটি)–এ ৫,৩০৫টা, ৰিজি’নেল মেডিকেল ৰিছার্চ চেণ্টাৰ (আৰএমআৰচি–আইচিএমআ)–এ ২১,৪১১টা, ডিফন্স ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচনে (ডিআৰডি’) ১,৭০৪টা, নর্থ–ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকনল’জী (এনইআইএছটি)–এ ৭৪৯টা আৰু আউট ছ’চত ৫২,৫৭৫টা নমুনা পৰীক্ষা সম্পন্ন হয়৷

You might also like