ক’ৰোনা জয় কৰি এমএমচিৰ আইচিইউৰ পৰা উভতিল ৮৬ বছৰীয়া হেমকান্ত
নিয়মীয়া বাৰ্তা,২৯ জুলাই: লকডাউনৰ লগতে ৰেপিড এণ্টিজেন টেষ্ট ব্যৱস্থাৰে প্রথম দিনাই ক’ভিড ৰোগীসকলক আছুতীয়া কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ সমর্থ হোৱাৰ পৰিপ্রেক্ষিততে সম্প্রতি ক’ভিড আক্রান্তৰ গ্রাফডাল ক্রমাৎ নিম্নগামী হ’বলৈ আৰম্ভ কৰিছে৷ অৱশ্যে একে সময়তে দুর্ভাগ্যজনকভাৱে বহুকেইগৰাকী লোকে মহামাৰী ক’ভিডৰ ওচৰত হাৰ মানি মৃত্যুমুখত পৰিবলগীয়া হৈছে৷ পিছে এনে পৰিস্থিতিৰ মাজতো আশাৰ খবৰ এয়ে যে ৮৬ বছৰীয়া বয়োবৃদ্ধ লোকেও ক’ভিড জয় কৰি নিজ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে প্রকাশ কৰা অনুসৰি গুৱাহাটী মহানগৰীৰ জাপৰিগোগৰ হেমকান্ত মহন্ত (৮৬) নামৰ লোকজনে ক’ভিডত আক্রান্ত হৈ ১২টাকৈ দিন মহেন্দ্র মোহন চৌধুৰী হাস্পতালৰ আইচিইউত চিকিৎসাধীন হ’বলগীয়া হয় যদিও অৱশেষত তেওঁ ক’ভিডক পৰাভূত কৰি আজি চিকিৎসালয়ৰ পৰা ৰিলিজ লাভ কৰি নিজ ঘৰলৈ উভতিবলৈ সক্ষম হয়৷ আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত পুনৰ দুগৰাকী লোকে প্রাণ হেৰুৱায়৷ ক’ভিডত আক্রান্ত লোক দুজন হৈছে কামৰূপ মেট্র’ৰ দুলুৰাণী সৰকাৰ (৭০) আৰু হেমন্ত বুঢ়াগোহাঁই (৫০)৷ মন্ত্রী ড০ শর্মাই দুয়োগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৮গৰাকীলৈ বৃদ্ধি পালে৷
ইপিনে ক’ভিড পৰীক্ষণৰ ক্ষেত্রত অসমে ইতিমধ্যে ৮ লাখৰ সংখ্যা অতিক্রম কৰিছে৷ এতিয়ালৈ অসমে ৮,০২,৬৭৪টা নমুনা পৰীক্ষা সম্পন্ন কৰিছে৷ ইফালে, আজিৰ দিনটোত ৰাজ্যখনত মুঠ ১,৩৭১গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে ২৯৫গৰাকী গুৱাহাটী মহানগৰীৰ৷ কামৰূপ গ্রাম্য জিলাত ২২১গৰাকী৷ যোৱা ২৪ ঘণ্টাত আক্রান্তৰ হাৰ ৫.৯ শতাংশ৷ আনহাতে আজিৰ দিনটোত ১২১৬গৰাকী লোক সুস্থ হৈ হাস্পতালৰ পৰা উভতিছে৷ এতিয়ালৈ মুঠ ২৬,৬১৮গৰাকী লোক সুস্থ হৈছে৷ অসমত সুস্থতাৰ হাৰ ৭৬.২ শতাংশ৷ ৰাজ্যখনত মুঠ ক’ভিড আক্রান্ত ৩৪,৯৪৭গৰাকী লোকৰ ভিতৰত বর্তমান বিভিন্ন হাস্পতালত ৮,২৩৮গৰাকী লোক চিকিৎসাধীন হৈ আছে৷