নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আক্রান্ত কিশোৰীৰ পৰিচর্যাৰ বাবে আগবাঢ়ি আহিল মাতৃ

মহীয়সী মাতৃক প্রণাম স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

নিয়মীয়া বাৰ্তা, ১৬ মে’ : এফালে মৃত্যু ভয়, আনফালে মাতৃৰ মমতা ৷ চিকিৎসা বিজ্ঞানৰ সন্মুখত এটা জটিল মুহূর্ত– কাৰ পক্ষ ল’ব ? অৱশেষত ভাইৰাছৰ ভয়াৱহতা, বিজ্ঞানৰ সকীয়নি সকলো নতজানু হৈ পৰিল মাতৃৰ মমতাৰ ওচৰত ৷ নিশ্চিত সংক্রমণৰ সম্ভাৱনাৰ পিছতো এগৰাকী ক’ৰোনা আক্রান্তৰ পৰিচর্যাৰ দায়িত্ব দিয়া হ’ল তেওঁৰ মাতৃক ৷ এই ঘটনা অসমৰ ৷ শেহতীয়াকৈ মুম্বাইলৈ চিকিৎসাৰ বাবে গৈ আবদ্ধ হৈ পৰা কেইবাগৰাকীও কর্কট, হৃদৰোগী আৰু তেওঁলোকৰ আত্মীয়ক অসম চৰকাৰৰ উদ্যোগত লৈ অনা হৈছিল অসমলৈ ৷ ৬খন বাছত ৫ ৰাজ্য অতিক্রমি ১২ মে’ৰ নিশা এই লোককেইজন উপস্থিত হ’ল অসমত ৷ যাত্রীসকলক সৰুসজাইত স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত ৰেডিছন ব্লুলৈ কোৱাৰেণ্টাইনৰ বাবে প্রেৰণ কৰা হ’ল ৷ কিন্তু দুর্ভাগ্যজনকভাৱে বৃহস্পতিবাৰে মুম্বাইৰ পৰা অহা এগৰাকী কিশোৰীৰ দেহত ধৰা পৰে ক’ভিড–১৯ ভাইৰাছৰ উপস্থিতি ৷ হোটেলত কোৱাৰেণ্টাইত থকা তেওঁৰ মাতৃ আৰু মোমায়েকৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল ওলাল ক’ভিড নিগেটিভ ৷

ক’ৰোনা আক্রান্ত কিশোৰীগৰাকীৰ কিছুদিন পূর্বে মুম্বাইৰ এছ আৰ চি চি চিকিৎসালয়ত হৃদযন্ত্রৰ এক জটিল অস্ত্রোপচাৰ সম্পন্ন হৈ গৈছে ৷ অস্ত্রোপচাৰৰ পিছত দৰব আৰু মাতৃৰ পৰিচর্যাই কিশোৰীগৰাকীৰ আৰোগ্য হোৱাৰ একমাত্র পথ ৷ কিন্তু তেনে সময়তে তেওঁৰ দেহলৈ সংক্রমিত হ’ল ন’ভেল ক’ৰোনা ভাইৰাছ ৷ যাৰ বাবে হোটেলৰ পৰা, মাতৃৰ ওচৰৰ পৰা কিশোৰীগৰাকীক জি এম চি এইচলৈ স্থানান্তৰ কৰাটো জৰুৰী হৈ পৰিল ৷ সেয়াও এক ডাঙৰ প্রত্যাহ্বান ৷ কিয়নো অস্ত্রোপচাৰৰ পিছত ১৩ বছৰীয়া চম্পা অত্যন্ত দুর্বল হৈ পৰিছে ৷ সেয়ে নিজৰ কন্যাক অকলে জি এম চি এইচৰ আইছ’লেচন ৱার্ডলৈ প্রেৰণ কৰিবলৈ সন্মত নহ’ল মাতৃ ৷ চিকিৎসকক কাকূতি–মিনতি কৰিলে, তেওঁক যেন জি এম চি এইচতো কন্যাৰ লগত থাকিবলৈ দিয়া হয় ৷ বিমোৰত পৰিল চিকিৎসকসকল ৷ দোমোজাত পৰিল স্বাস্থ্য বিভাগ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সামাজিক দূৰত্বই ক’ৰোনাৰ পৰা পৰিত্রাণৰ একমাত্র পথ৷ সাধাৰণ নিৰোগী লোকসকলো নিজকে সুৰক্ষিত ৰখাৰ স্বার্থত আঁতৰি ফুৰিছে ইজনে–সিজনৰ পৰা ৷ এনে পৰিস্থিতিত হৃদৰোগত আক্রান্ত, ক’ৰোনা সংক্রমিত কন্যাৰ কাষত থাকিবলৈ এগৰাকী মাতৃৰ কাতৰ আহ্বান ৷ এই অনুৰোধ ৰাখিবলৈ গৈ বাৰে বাৰে বিপাঙত পৰে চিকিৎসকসকল ৷ কিয়নো ক’ৰোনা আক্রান্তৰ ওচৰত সুস্থ মানুহ এজনক থাকিবলৈ দিয়া মানে নিশ্চিত সংক্রমণৰ সম্ভাৱনা ৷ যি সংক্রমণে ইতিমধ্যে সমগ্র বিশ্বৰ ৩ লাখৰো অধিক লোকৰ প্রাণ কাঢ়ি নিছে ৷ মৃত্যুৰ আশংকা আৰু গভীৰ মমতাৰ মাজত অৱশেষত চিকিৎসকসকলে মাতৃৰ পক্ষই ল’লে ৷

ক’ৰোনা আক্রান্ত কন্যাৰ লগতে তেওঁৰ মাতৃকো স্থানান্তৰ কৰা হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ৷ সম্প্রতি চিকিৎসালয়খনৰ এটা বিশেষ কোঠাত ১৩ বছৰীয়া চম্পা চিকিৎসাধীন৷ লগত আছে মাতৃও৷ পূর্বে কাহানিও নোহোৱা এই সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে অসম চৰকাৰৰ এখন আঁচনিৰ অধীনত কিশোৰীগৰাকীৰ হূদযন্ত্রৰ অস্ত্রোপচাৰ সম্পন্ন হৈছিল মুম্বাইত ৷ ৫ দিন মুম্বাইৰ পৰা যাত্রা কৰি অহাৰ পাছত তেওঁ নিজে একো কৰিব পৰা অৱস্থাত নাই ৷ অসুখীয়া জীয়ৰীৰ সৈতে মাতৃয়ে একেলগে থাকিব বিচাৰিছে৷ ক’ৰোনা সংক্রমিত হ’ব পাৰে বুলি জানিও মাতৃগৰাকী নিজে আগবাঢ়ি আহিছে ৷ যাৰ বাবে আগতে নোলোৱা এক সিদ্ধান্ত লোৱা হ’ল ৷ মহীয়সী মাতৃগৰাকীক প্রণাম জনায় স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ উল্লেখ্য যে মুম্বাইলৈ চিকিৎসাৰ বাবে যোৱা অন্যান্য ৰোগীসকলৰ লগতে হূদযন্ত্রৰ অস্ত্রোপচাৰ কৰা ৬টি শিশু আৰু তেওঁলোকৰ আত্মীয়ও মুম্বাইত আবদ্ধ হৈ আছিল৷ কর্কট ৰোগীসকলক অসমলৈ অনাৰ ব্যৱস্থা কৰা বুলি শুনি শিশুকেইটাৰ অভিভাৱকসকলেও মুম্বাইৰ অসম ভৱনৰ উপ–আৱাসিক আয়ুক্ত দেৱাশিস শর্মাক বাৰম্বাৰ তেওঁলোকক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়৷ নিৰুপায় লোকসকলৰ অনুৰোধ ৰাখি দেৱাশিস শর্মাই কর্কট ৰোগীসকলৰ লগতে শিশুকেইটিকো অসমলৈ অনাৰ ব্যৱস্থা কৰে ৷

You might also like