গৰু–ড্রাগ্ছৰ চোৰাং বেহাক লৈ উদ্বিগ্ন বিএছএফ বিজিবি
নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ ভাৰত–বাংলাদেশ সীমান্তৰে দীর্ঘদিনে চলি অহা বিভিন্ন অপৰাধমূলক ঘটনাক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ) আৰু বর্ডাৰ গার্ড, বাংলাদেশে (বি জি বি)৷ বিশেষকৈ সীমান্তৰে বৃদ্ধি পোৱা গৰু আৰু ড্রাগ্ছৰ চোৰাং বেহাক লৈ দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনী উদ্বিগ্ণ হৈ পৰিছে৷ আজি এখন যৌথ সংবাদ মেলত এই কথা সদৰী কৰে বি এছ এফৰ সঞ্চালকপ্রধান ৰাকেশ আস্থানাই৷ গুৱাহাটীৰ ৰাণীস্থিত বি এছ এফ কেম্পত বি জি বিৰ সঞ্চালকপ্রধান ছফিনুল ইছলামৰ সৈতে সংবাদ মেল সম্বোধন কৰি আস্থানাই কয়– ‘ভাৰত–বাংলাদেশ সীমান্তত দুয়োখন দেশৰ পৰাই দুইধৰণৰ স্মাগলিং চলি আছে৷ গৰু আৰু নার্কটিকছ স্মাগলিং সীমান্তৰে চলি আহিছে৷ বিশেষকৈ ক’ডিন নামৰ কফছিৰাপ আৰু য়াবা টেবলেটৰ স্মাগলিং বৃদ্ধি পাইছে৷ ইতিমধ্যে দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীয়ে সীমান্তত নিৰীক্ষণ ব্যৱস্থা কঠোৰ কৰি তুলিছে৷ কিছু পৰিমাণে এই ধৰণৰ স্মাগলিং হ্রাস পালেও এতিয়াও এয়া এক গুৰুতৰ সমস্যা৷’ উল্লেখ্য যে প্রথমবাৰৰ বাবে বি এছ এফ আৰু বি জি বিৰ সঞ্চালকপ্রধান পর্যায়ৰ বৈঠক গুৱাহাটীত অনুষ্ঠিত হয়৷ যোৱা ২২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত ৫১সংখ্যক সঞ্চালক পর্যায়ৰ এই বৈঠকত সীমান্তৰে হোৱা অপৰাধমূলক ঘটনা ৰোধৰ বিভিন্ন ব্যৱস্থাৱলী সন্দর্ভত আলোচনা কৰা হয়৷ এই সন্দর্ভত প্রকাশ কৰা অনুসৰি– সীমান্তৰে অপৰাধমূলক কাম–কাজ নিয়ন্ত্রণৰ বাবে স্পর্শকাতৰ অঞ্চলসমূহত বি এছ এফ আৰু বি জি বিয়ে যুটীয়াভাৱে পহৰাৰ ব্যৱস্থা কৰিব৷ এই স্পর্শকাতৰ অঞ্চলসমূহ শীঘ্রে চিনাক্ত কৰি নিশাৰ ভাগত বি এছ এফ আৰু বি জি বিৰ টহল দিয়াৰ বাবে বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হয়৷ এই প্রসংগত আস্থানাই কয়– ‘বৈঠকখনত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ দুয়োখন দেশকে সমস্যাত পেলোৱা একাধিক সমস্যা গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছে৷ পূর্বেও সীমান্তৱর্তী অঞ্চলত পহৰাৰ ব্যৱস্থা আছিল যদিও এতিয়াৰে পৰা নিশাৰ পহৰা অধিক কটকটীয়া কৰা হ’ব৷’ ইফালে সংবাদ মেলখনত বি জি বিৰ সঞ্চালকপ্রধান ইছলামেও সীমান্তৰে হোৱা চোৰাং বেহাত উদ্বিগ্ণতা প্রকাশ কৰি কয় যে সীমান্তৰে হোৱা অবৈধ বেহাক লৈ তেওঁলোক যথেষ্ট সজাগ আৰু সচেতন৷ লক্ষণীয় যে অসমৰ পৰা বৃহৎসংখ্যক গৰু অবৈধভাৱে বাংলাদেশলৈ চালান দিয়াৰ তথ্য সময়ে সময়ে প্রকাশ কৰি আহিছে৷ বি এছ এফৰ পহৰা সত্ত্বেও বিভিন্ন পদ্ধতিৰে গৰুৰ চোৰাং বেহা চলি আহিছে৷
এইক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয়– ‘গৰুৰ চোৰাং বেহা বৃদ্ধি পোৱাৰ ফলত বাংলাদেশৰ স্থানীয় গো–পালকসকল ক্ষতিগ্রস্ত হৈছে৷ কিয়নো গো উৎপাদনত আমি যথেষ্ট স্বাৱলম্বী৷ আমাৰ প্রয়োজনতকৈ উৎপাদন বৃদ্ধি পাইছে৷ তদুপৰি ম্যানমাৰৰ পৰা দৈনিক বৈধভাৱে ৪০০ৰ পৰা ৬০০ গৰু বাংলাদেশলৈ আহে৷ চোৰাং বেহাৰ কাৰণে সীমান্তৱর্তী অঞ্চলত আৰক্ষীৰ অভিযানত বহু অপৰাধীৰ মৃত্যু হৈছে৷’ তেওঁ প্রকাশ কৰা অনুসৰি বাংলাদেশত বিভিন্ন অভিযানৰ সময়ত বি জি বিৰ গুলীত চলিত বর্ষত ৪৮জন লোকৰ মৃত্যু হৈছে৷ আনহাতে, ২০১৯ বর্ষত ৩৫জন আৰু ২০১৮ বর্ষত তিনিজন লোক বি জি বিৰ গুলীত নিহত হৈছে৷ ইফালে সীমান্তৰে অপৰাধমূলক কার্য সংঘটিত কৰা বহুসংখ্যক অপৰাধী বি এছ এফৰ গুলীত প্রাণ হেৰুৱাইছে বুলি সদৰী কৰে ৰাকেশ আস্থানাই৷ অৱশ্যে তেওঁ এইক্ষেত্রত সঠিক তথ্য প্রকাশ কৰাৰ পৰা বিৰত থাকে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বাংলাদেশৰ পৰা ঘটা অনুপ্রৱেশকাৰীৰ সমস্যাই অসমক প্রভাৱান্বিত কৰি আহিছে৷ বাংলাদেশী অনুপ্রৱেশকাৰী অসমৰ বাবে এক জ্বলন্ত সমস্যা হিচাপে বিবেচিত হৈ আহিছে৷ বিশেষকৈ ভাৰত–বাংলাদেশৰ উন্মুক্ত সীমাৰে অনুপ্রৱেশকাৰী অসমত প্রৱেশ ঘটাৰ তথ্যও বহু সময়ত পোহৰলৈ আহিছে৷ এনে সময়তে বি জি বিৰ মুৰব্বীজনে সীমান্তৰে অনুপ্রৱেশকাৰী ভাৰতত প্রৱেশ কৰাৰ তথ্য অস্বীকাৰ কৰিছে৷ তেওঁ কয়– ‘বাংলাদেশৰ পৰা ভাৰতলৈ অবৈধভাৱে কোনো লোকে প্রৱেশ কৰা নাই৷ বাংলাদেশৰ জি ডি পি ক্রমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ সম্প্রতি আমাৰ জি ডি পি হৈছে ২,৩০০ ডলাৰ৷ সেয়েহে কাম বা আন কাৰণৰ বাবে বাংলাদেশৰ পৰা ভাৰতলৈ লোক আহিবলগীয়া কোনো কাৰণ নাই৷
অৱশ্যে বিভিন্ন কাৰণত বিশেষকৈ চিকিৎসাজনিত কাৰণত বাংলাদেশৰ পৰা বৈধভাৱে পাছপ’ট, ভিছা আদিৰে ভাৰতলৈ বাংলাদেশী লোকৰ আগমন ঘটে৷ মই ভাবোঁ বৃহৎসংখ্যক বাংলাদেশী লোক অবৈধভাৱে ভাৰতলৈ আহে বুলি কৰা ধাৰণা আপোনালোকে পুনৰ ভাবি চোৱা উচিত৷’ ইয়াৰ বিপৰীতে বি এছ এফৰ সঞ্চালকপ্রধান ৰাকেশ আস্থানাই কয় যে চলিত বর্ষৰ ১৮ ডিচেম্বৰ পর্যন্ত ভাৰতত অবৈধভাৱে প্রৱেশ কৰিবলৈ চেষ্টা কৰা ৩,২০৪গৰাকী লোকক আটক কৰা হৈছে৷ অসম, পশ্চিমবংগ আৰু ত্রিপুৰাৰে এই লোকসকলে অসমত প্রৱেশ কৰিবলৈ চেষ্টা কৰিছে৷ ইয়াৰে ৬০গৰাকী বাংলাদেশী নাগৰিক বুলি প্রমাণ হোৱাৰ পাছত তেওঁলোকক বি জি বিক গতাই দিয়া হৈছে৷ একে সময়তে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ বিষয়টো ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি উল্লেখ কৰি ইছলামে কয় যে ভাৰত আৰু বাংলাদেশৰ বিভিন্ন অঞ্চলৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্যৰ মিল আছে৷ বহু ভাৰতীয় পৰিয়ালৰ আত্মীয় বাংলাদেশত বাস কৰে৷ তেওঁলোকে এই আত্মীয়সকলক সাক্ষাৎ কৰাৰ বাবে বহু সময়ত সীমা পাৰ হয়৷ বিশেষকৈ ধর্মীয় উৎসৱ–পার্বণৰ সময়ত তেওঁলোকে আত্মীয়সকলক সাক্ষাৎ কৰে৷ তৎসত্ত্বেও সীমান্তত নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰা হৈছে৷ যেতিয়াই তেওঁলোকে সঠিক নথিপত্র অবিহনে প্রৱেশ কৰিবলৈ চেষ্টা কৰে, তেতিয়াই তেওঁলোকক আটক কৰা হয়৷ লক্ষণীয় যে বি এছ এফ আৰু বি জি বিৰ সঞ্চালকপ্রধান পর্যায়ৰ সীমা সমন্বয়ৰক্ষী বৈঠকত বাংলাদেশৰ স্বাধীনতাৰ ৫০ বছৰ পূর্ণ হোৱা উপলক্ষে বি এছ এফে এলানি কার্যসূচীৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ সেই অনুসৰি বি এছ এফে কেইবাগৰাকীও যোদ্ধা আৰু বিশিষ্ট ব্যক্তিক সম্বর্ধনা জ্ঞাপন কৰিব৷ তদুপৰি সীমান্তৱর্তী অঞ্চলত বাস কৰা লোকসকলৰ উন্নয়নৰ বাবে স্বাস্থ্য শিবিৰকে আৰম্ভ কৰি বিভিন্ন কার্যসূচী গ্রহণ কৰাৰো সিদ্ধান্ত গ্রহণ কৰা হয় এই বৈঠকত৷ বি এছ এফ আৰু বি জি বিৰ পৰৱর্তী সঞ্চালকপ্রধান পর্যায়ৰ বৈঠক অহা এপ্রিলৰ দ্বিতীয় সপ্তাহত ঢ়াকাত অনুষ্ঠিত হ’ব৷