🔹 ছয়খনকৈ থানাৰ অ’ চিৰ নামত দুই দালালে সংগ্ৰহ কৰিছে ধন
🔹 দৈনিক লক্ষ লক্ষ টকাৰ গৰু শিৱসাগৰৰ পৰা নগাঁৱলৈ সৰবৰাহ
নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : গো-সুৰক্ষা আইন ২০২১ কঠোৰভাৱে বলৱৎ কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশৰ পিছতেই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ গো-ধনৰ অবৈধ সৰবৰাহ তথা এখন জিলাৰ পৰা আন এখন জিলালৈ গাড়ীত তুলি গৰু সৰবৰাহত নিষেধাজ্ঞা বলৱৎ কৰা হৈছিল ৷ ৰাজ্যৰ আন জিলাৰ লগতে শিৱসাগৰ জিলাতো অতি কঠোৰভাৱে এই আইন ৰূপায়ণ কৰাৰ লগতে গো-ধনৰ সৰবৰাহ তথা গাড়ীত তুলি এখন জিলাৰ পৰা আন এখন জিলালৈ নিয়াৰ অভিযোগত বহু ব্যক্তিক জেললৈ প্ৰেৰণৰ লগতে জব্দ কৰা হৈছিল সৰবৰাহৰ সময়ত ব্যৱহাৰ কৰা বাহনসমূহ ৷ আন নালাগে, পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিছিল যে গৰু খেদি আনিবলৈও ভয় কৰিছিল ব্যৱসায়ীয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ শিৱসাগৰ জিলাখনতেই গাড়ীত তুলি শিৱসাগৰৰ পৰা আন জিলালৈ গৰু সৰবৰাহ কৰাটো কাৰ্য্যত: অতীত হৈ পৰিছিল ৷ কিন্তু শেহতীয়াকৈ বজৰং দলে ৰাষ্ট্ৰীয় ঘাইপথেদি নগাঁৱলৈ সৰবৰাহ কৰাৰ সময়ত জব্দ কৰি গতাই দিয়া দুখন বলেৰ’ পিকআপসহ ১৯টা গৰু, পাঁচগৰাকী সৰবৰাহকাৰীক শিৱসাগৰ আৰক্ষীয়ে গো-সুৰক্ষা আইনৰ সংশোধিত দফাৰ আধাৰত স-সন্মানে পুনৰ ব্যৱসায়ী চক্ৰৰ হাততেই গৰুসমূহ তুলি দিয়াৰ পিছতেই শিৱসাগৰত গৰুৰ চোৰাং বেহা দুগুণ উৎসাহেৰে আৰম্ভ হৈছে ৷ শিৱসাগৰ আৰক্ষীয়ে গাড়ীত তুলি এখন জিলাৰ পৰা আন এখন জিলালৈ গৰুৰ সৰবৰাহত কোনো আইনী বাধা নাই বুলি সংশোধিত দফাৰ উদ্ধৃতিৰে সেউজ সংকেত দিয়াৰ পিছতেই উজনিৰ চোৰাং গৰু সৰবৰাহৰ অভিকেন্দ্ৰত পৰিণত হ’ল শিৱসাগৰ ৷ যিহেতু উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া, লক্ষীমপুৰ, ধেমাজিৰ লগতে মাজুলী জিলাত গাড়ীত তুলি গৰু সৰবৰাহত কঠোৰ নিষেধাজ্ঞা বলৱৎ হৈ আছে ৷ সংশ্লিষ্ট জিলাকেইখনৰ আৰক্ষীয়ে সেই জিলাৰ বাহিৰলৈ গাড়ীত তুলি গৰু সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি থৈছে ৷ বিপৰীতে শিৱসাগৰত এনেধৰণৰ কোনো বাধা-নিষেধ নথকাৰ কথা জিলা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়াৰ পিছতেই শিৱসাগৰ হৈ পৰিল গৰুৰ চোৰাং ব্যৱসায়ৰ হাব ৷ জানিব পৰা মতে, নগৰৰ মাজমজিয়াৰ নিবাসী এটা কুখ্যাত সুদখোৰৰ লগতে এগৰাকী বিতৰ্কিত আমছু নেতাৰ পৃষ্ঠপোষকতাত জিতুল-নিতুলৰ সহযোগত চলাইছে এই বৃহত গৰুৰ ছিণ্ডিকেট ৷ প্ৰাপ্ত অভিযোগ অনুসৰি, দিচাংমুখ আৰু ৰাজমাইৰ সাপ্তাহিক বজাৰৰ লেচীৰ সৈতে গোপন বুজাবুজি কৰি চলাই অহা এই বৃহত গৰু চোৰাং সৰবৰাহৰ সময়ত শিৱসাগৰ আৰক্ষীৰ নাম লৈও ধন সংগ্ৰহত নামিছে দালাল চক্ৰ ৷ ইফালে, শিৱসাগৰত গো-সুৰক্ষা আইন সম্পূৰ্ণৰূপে অচল বুলি জানিব পাৰিয়েই এতিয়া মাজুলী, লক্ষীমপুৰ, ধেমাজি, তিনিচুকীয়া, শদিয়া, ডিব্ৰুগড়ৰ পৰা প্ৰতিদিনাই ব্ৰক্ষ্মপুত্ৰত ফেৰীত তুলি সহস্ৰাধিক গৰু বিনা বাধাই দিচাংমুখৰ সমীপত নমাই তাৰ পৰা ট্ৰাক, বলেৰ’ পিকআপত তুলি নগাঁও, মৰিগাঁও, হোজাই, চামগুৰিৰ লগতে নামনি অসমলৈ সৰবৰাহ কৰি আহিছে ৷ উক্ত জিলাসমূহৰ পৰা অনা গৰুসমূহৰ বিপৰীতে পূৰ্বতে সাজু কৰি থোৱা দিচাংমুখ- ৰাজমাইৰ বজাৰৰ ৰচিদেৰে চোৰাং গৰুক বৈধতা প্ৰদান কৰা হয় ৷ এক সু-পৰিকল্পিত বিশাল নেটৱৰ্কৰ মাজেৰে জিতুল, নিতুল, পৌৰ এলেকাৰ নিবাসী এটা ধনকুবেৰ সুদখোৰ আৰু এগৰাকী বিতৰ্কিত আমছু নেতাৰ পৃষ্ঠপোষকতাত বিগত এটা মাহ ধৰি এই বেহা তীব্ৰতৰ হৈ উঠিছে জিলাখনত ৷ উল্লেখ্য যে ডিমৌ আৰক্ষী থানা, শিৱসাগৰ সদৰ আৰক্ষী থানা, গৌৰীসাগৰ আৰক্ষী থানা, আমগুৰি আৰক্ষী থানা, হালোৱাটিং আৰক্ষী থানা, জয়সাগৰ আৰক্ষী চকী, নিতাই পুখুৰী আৰু দিচাংমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ লগতে শিৱসাগৰ আৰক্ষীৰ দুগৰাকী শীৰ্ষ বিষয়াৰ নামতো এই ছিণ্ডিকেট চক্ৰটোৱে প্ৰতিদিনাই বৃহত অংকৰ ধন গৰুৰ চোৰাং ব্যৱসায়ী চক্ৰৰ পৰা সংগ্ৰহ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৷ আনহাতে, কেমেৰাৰ সন্মুখত তাল ফাল লগোৱা দুটা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংগঠনৰ তিনিগৰাকী বিতৰ্কিত নেতাও এতিয়া এই ছিণ্ডিকেটত লেটি-পেটি খোৱাৰ ঘটনাই বিশেষ তাৎপৰ্য্য বহন কৰিছে ৷ ফলস্বৰূপে নিতাইপুখুৰী, ৰিৰিয়া, ৰাজমাই, বাগল, ডিমৌমুখ, দিচাংমুখ, দিচাং হালোৱাটিং অঞ্চলৰ পৰা প্ৰতিদিনাই পাণ জপাদি জাপি নিয়া গৰুভৰ্তি গাড়ীসমূহ ৰাষ্ট্ৰীয় ঘাইপথেদি উল্লেখিত থানাসমুহৰ সন্মুখেদি পাৰ হৈ যোৱাৰ পিছতো আৰক্ষী মৌন হৈ ৰোৱা ঘটনাই আন এক ৰহস্যৰ সৃষ্টি কৰিছে ৷ অথচ একেকেইগৰাকী ভাৰপ্ৰাপ্ত বিষয়াই কেইদিনমানৰ আগলৈকে গাড়ীত তুলি নিয়াতো বাদেই, খেদি অনা গৰুৰ গৰাকীকো আটক, পকেটত ধন লৈ গৰু কিনিবলৈ অনা ব্যৱসায়ীক আটক কৰি জেললৈ প্ৰেৰণ কৰাৰ স্পষ্ট তথ্য-প্ৰমাণ আছে ৷ তেনেস্থলত গৰুৰ চোৰাং সৰবৰাহত বৃহত ছিণ্ডিকেট, থানা মেনেজৰ নামত দুই মহা ধুৰন্দৰে সংগ্ৰহ কৰা কমিছন তথা তথা নিষিদ্ধঘোষিত গো-ধন সৰবৰাহ হঠাত শিৱসাগৰত বৈধ হৈ পৰাৰ ঘটনা সাধাৰণ ৰাইজৰ বাবে অবুজ সাঁথৰত পৰিণত হৈছে ৷ আনহাতে, গো-ধনৰ চোৰাং বেহাৰ সৈতে সম্প্ৰতি নাম সাঙোৰ খাই পৰা জিতুল-নিতুল অনুৰূপ অভিযোগত জেললৈ যোৱাৰ লগতে সুদখোৰৰ বিৰুদ্ধে পকছ’ গোচৰ আৰু আমছু নেতাৰ বিৰুদ্ধে আছে কেইবাটাও বিচাৰাধীন গুৰুতৰ ধাৰাত গোচৰ ৷ অথচ এনেধৰণৰ দাগী অপৰাধীয়ে কিদৰে সংশ্লিষ্ট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নামত গৰুৰ মুক্ত সৰবৰাহৰ নামত ব্যৱসায়ী চক্ৰৰ পৰা ধন সংগ্ৰহ কৰিবলৈ সাহস পাইছে, সেয়াহে এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে।
প্ৰেৰক আশ্ৰফুৰ ৰহমান