নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ বান শিবিৰত কণ কণ ছাত্ৰ-ছাত্ৰীক পাঠদান চিআৰচিচিৰ

নিয়মীয়া বাৰ্তা, ১২ জুলাই : সমগ্ৰ শিক্ষা ধেমাজি জিলাৰ মিছন সমন্বয়ক বিতোপন হাজৰিকাৰ নেতৃত্বত আৰু মূৰ্কংচেলেক শিক্ষাখণ্ডৰ খণ্ড মিছন সমন্বয়কসহিতে শিক্ষা ব্যৱস্থাৰ এই সময়ৰ অন্যতম হোতাস্বৰূপ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ককে ধৰি চিআৰচিচিসকলৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা, মূৰ্কংচেলেকৰ সহযোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা কণ কণ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান আৰম্ভ হৈছে ৷ এই পাঠদান কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক তথা মূৰ্কংচেলেক খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অমৃত কোঁৱৰে৷ উল্লেখ্য যে জোনাইৰ শিৱগুৰিৰ এইসকল কণ কণ ছাত্ৰ-ছাত্ৰীয়ে কেইবাদিনো ধৰি বানৰ ফলত পৰিয়ালৰ সৈতে নিজৰ ঘৰ-বাৰী এৰি আশ্ৰয় লৈ আছে  শিবিৰত ৷ এনে অৱস্থাত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ঘৰুৱা পৰিৱেশৰ পৰা আতঁৰত থাকিব লগা হোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি, লগতে কিছু শৈক্ষিক ক্ষতি পূৰ কৰিবলৈ মূৰ্কংচেলেক শিক্ষাখণ্ডৰ CRCCসকলে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদানৰ লগতে আৰম্ভ কৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সহবিদ্যায়তনিক ক্ৰিয়াকলাপ৷ বৃহস্পতিবাৰৰ পৰা CRCCসকলে পাঠদান তথা সহবিদ্যায়তনিক ক্ৰিয়াকলাপৰ সৈতে সংগতি ৰাখি বিতৰণ কৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিছু শৈক্ষিক সহায়ক সামগ্ৰীও৷ পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ পেগু, CRCC লোহিত ফুকন, ৰঞ্জন দলে, ভূপেন বৰুৱা, অযোধ্যা লাগাচু, মোখেশ্বৰ মেদক, ৰাজীৱ কুম্বাঙৰ লগতে শিৱগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তৰুলতা দলে আৰু দ্ৰাইনেন্দ্ৰ পেগুৱেও৷

প্ৰেৰক কৰবী দলে

You might also like