নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনামৰা মহাবিদ্যালয়ত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা সম্পন্ন

বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰ : চিনামৰা মহাবিদ্যালয়ৰ মহিলা কোষ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ যুটীয়া উদ্যোগত মহাবিদ্যালয়ৰ মিনাৰাম গগৈ প্ৰেক্ষাগৃহত আজি সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীলৈকে মুকলি থকা আকৰ্ষণীয় প্ৰতিযোগিতাখনি কৰঙা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অৰূপ নাথে পুৱা বন্তি প্ৰজ্বলন কৰি মুকলি কৰে । মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ- শিক্ষাবিদ আনন্দ শইকীয়া আৰু মৰিয়নিৰ সমাজব্ৰতী মহিলা চম্পাৱতী শইকীয়াই মঞ্চ উদ্বোধন কৰে । অধ্যক্ষ ড° অঞ্জন শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰি মহিলা কোষ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ প্ৰচেষ্টাৰ শলাগ লৈ কয়- মহাবিদ্যালয়খনে ইয়াৰ পূৰ্বেও বহু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে । আজিৰ অনুষ্ঠানৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে এক ইতিবাচক বাৰ্তা লৈ যাব বুলি উল্লেখ কৰি তেওঁ এই প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাৰ বিকাশ হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে । শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ মৌ শাখাত এঞ্জেলিনা হাজৰিকাই প্ৰথম, প্ৰতীক্ষা কোঁ‌ৱৰে দ্বিতীয়, অৰ্পণ লস্কৰে তৃতীয়, কৃষ্ণাংগী জেছিকাই চতুৰ্থ আৰু প্ৰজ্ঞা প্ৰিয়া ফুকনে পঞ্চম স্থান দখল কৰে । তদুপৰি সুকন্যা দাস, আখ্যা আকাংক্ষা আৰু আয়ুশ্ৰী গায়নে উদ্গনি পুৰস্কাৰ লাভ কৰে । নিম্ন শাখাত আৰমান শৰ্মাই প্ৰথম, আয়ুংখ্যা কন্দলী পাঠকে দ্বিতীয়, প্ৰিয়াংশু দত্ত আৰু বৃষ্টিনা গোহাঁয়ে যুটীয়াভাৱে তৃতীয় আৰু সংযুক্তা বৰুৱাই চতুৰ্থ স্থান পায়। আনহাতে, উচ্চ শাখাত আদিত্য বৰুৱাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে অপৰ্ণা ডেকাই দ্বিতীয় আৰু অন্তৰা ভৌমিকে তৃতীয় স্থান লাভ কৰে । বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ, নগদ ধন, উপহাৰ আদি প্ৰদান কৰা হয় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like