অপৰাধী ৰছিদ চৌধুৰীক দায়িত্ব কংগ্রেছৰ নির্বাচনী ৰণনীতি প্রস্তুতৰ
ৰিপুণ বৰাৰ কাণ্ডই জোকাৰিছে ৰাজীৱ ভৱন
নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ অন্তঃকন্দলত জর্জৰিত অসম কংগ্রেছত এতিয়া সভাপতি ৰিপুণ বৰাৰ প্রধান সাৰথি হৈ পৰিছে এজন দাগী অপৰাধী৷ বিভিন্ন থানাত গোচৰ ৰুজু হৈ থকা এইগৰাকী অপৰাধী ব্যক্তিক সাৰথি কৰিয়েই ২০২১ৰ নির্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰিছে প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে৷ যাৰ বাবে প্রদেশ কংগ্রেছৰ ভিতৰে–বাহিৰে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ যিগৰাকী ব্যক্তিক লৈ কংগ্রেছৰ ভিতৰচ’ৰাত অসন্তুষ্টিয়ে গা কৰি উঠিছে, তেওঁৰ নাম এম ৰছিদ চৌধুৰী৷ কৰিমগঞ্জৰ যুৱক এম ৰছিদ চৌধুৰীৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাখনো থানাত ৰুজু হৈছে প্রৱঞ্চনাৰ গোচৰ৷ ২০১৮ চনত চেন্নাইৰ টি জে ইনষ্টিটিউট অৱ টেকনল’জীৰ মুৰব্বী ড০ আৰ সুব্রমণিয়নে অসম আৰক্ষীৰ ওচৰত দাখিল কৰা এখন এজাহাৰত স্পষ্ট ৰূপত উল্লেখ কৰিছিল যে এম ৰছিদ চৌধুৰী নামৰ লোকজনে তেওঁৰ আন কেইবাগৰাকীও সহযোগীৰ সৈতে কেইবালাখ টকা আত্মসাৎ কৰিছে৷ তেওঁলোকে প্রতিষ্ঠানখনত ছাত্র–ছাত্রীৰ নামভর্তিৰ বিনিময়ত লাখ লাখ টকা আগধন হিচাপে গ্রহণ কৰিছিল৷ কিন্তু মূৰকত প্রৱঞ্চনাৰ আশ্রয় লৈ সমুদায় ধন আত্মসাৎ কৰে৷ আৰক্ষীৰ অনুসন্ধানত এম ৰছিদ চৌধুৰীৰ বিৰুদ্ধে আৰু অধিক তথ্য–প্রমাণ পোহৰলৈ আহিছিল৷ আৰক্ষীৰ তদন্তত প্রকাশ পেৱা মতে, এম ৰছিদ চৌধুৰী বাহিনীয়ে কেৱল চেন্নাইৰ শিক্ষানুষ্ঠানখনৰে নহয়, অসমৰো বহু ছাত্র–ছাত্রীৰ ধন আত্মসাৎ কৰিছে৷ কিন্তু সকলো তথ্য–প্রমাণ থকাৰ পাছতো এইগৰাকী লোক অতি ৰহস্যজনকভাৱে আৰক্ষীৰ জালত নপৰিল৷ বৰাক উপত্যকাৰ বহুসংখ্যক ছাত্র–ছাত্রী এম ৰছিদ চৌধুৰীৰ প্রৱঞ্চনাৰ বলি হোৱাৰ পাছত খোদ কংগ্রেছ দলৰে ছাত্র সংগঠন এন এছ ইউ আয়ে তেওঁক গ্রেপ্তাৰৰো দাবী জনাইছিল৷ পিছে প্রৱঞ্চনা, জালিয়াতিৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত এম ৰছিদ চৌধুৰী ৰঙাঘৰৰ আলহী হোৱাটো দূৰৈৰ কথা, প্রধান বিৰোধী দল কংগ্রেছৰ উঠিৰজা বহিৰজাহে হৈ পৰিছে৷ এম ৰছিদ চৌধুৰী এতিয়া ৰিপুণ বৰাৰ মুখ্য পৰামর্শদাতাই নহয়, কংগ্রেছৰ ৰণকৌশল প্রস্তুতকর্তাও৷ প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে প্রদান কৰা কর্তৃত্বৰ বলত তেওঁ নিজকে কংগ্রেছৰ বুথ কমিটীসমূহৰ পর্যবেক্ষক বুলি দাবী কৰে৷ ৰাজ্যৰ প্রান্তে প্রান্তে ঘূৰি তেওঁ ইতিমধ্যে কংগ্রেছৰ বহু দলীয় সভাতো অংশগ্রহণ কৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতিৰ বিশ্বস্ত মানুহ বুলিয়েই আন নেতাসকলৰ পৰাও লাভ কৰে বিশেষ কদৰ৷ কিন্তু পূর্বে প্রৱঞ্চনা, জালিয়াতিত লিপ্ত এইগৰাকী এম ৰছিদ আলমে দলটোক আহুকালত পেলোৱাৰ দুশ্চিন্তাও প্রকাশ কৰিছে প্রদেশ কংগ্রেছৰ বহু জ্যেষ্ঠ নেতাই৷ দলটোৰ জ্যেষ্ঠ অভিজ্ঞ নেতাসকলক এলাগী কৰি এম ৰছিদ আলমৰ ভৰসাত ২০২১ চনৰ নির্বাচনী বৈতৰণী পাৰ হোৱাৰ কুচকাৱাজ চলোৱা ৰিপুণ বৰাৰ এই কাণ্ডক লৈ দলত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ এজন প্রৱঞ্চকক কিয় প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে নির্বাচনৰ ৰণকৌশল প্রস্তুতৰ দায়িত্ব দিব লগা হ’ল, তাক লৈও ব্যাপক চর্চা আৰম্ভ হৈছে৷