নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰ প্রেমিকা ৰিয়াৰ বিলাসী জীৱনক লৈ ই ডিৰ প্রশ্ন ৮ ঘণ্টা জেৰা

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ মাত্র ৯০ দিনৰ ভিতৰতে সুশান্ত সিং ৰাজপুতৰ বেংক একাউণ্টৰ পৰা ওলাই গৈছিল ৩.২৪ কোটি টকা৷ সন্দেহ কৰা হৈছে যে এই ধন প্রেমিকা ৰিয়া চক্রৱর্তীয়ে ছল–চাতুৰীৰে প্রয়াত অভিনেতাজনৰ পৰা সৰকাই নিছিল৷ শুকুৰবাৰে এনফ’চমেণ্ট ডাইৰেক্টৰেটৰ বিষয়াসকলে ৮ ঘণ্টাজোৰা জেৰাত ৰিয়াৰ অভিজাত জীৱনশৈলী সন্দর্ভত প্রশ্ন উত্থাপন কৰি উপার্জনৰ উৎস সন্দর্ভত অভিনেত্রীগৰাকীৰ পৰা উপার্জনৰ তথ্য বিচাৰে৷ আয়কৰ বিভাগৰ তথ্য মতে, তেওঁৰ বিলাসী জীৱনশৈলীৰ সৈতে প্রকৃত উপার্জনৰ তুলনা কৰাটো অসম্ভৱ৷ কিছুদিন আগলৈকে তেওঁ মুঠ সম্পত্তিৰ হিচাপ দেখুলাইছিল ১০ লাখ টকা৷ যোৱা কেইমাহমানত উপার্জন বৃদ্ধি পালেও ১৪ লাখ টকাতে সীমিত আছিল৷ কিন্তু এই সীমিত সময়তে তেওঁ মুম্বাই মহানগৰীৰ অভিজাত এলেকাত দুটাকৈ সম্পত্তি ক্রয় কৰিছিল৷ মুম্বাইৰ খাৰেত ৰিয়াই নিজৰ নামত ক্রয় কৰিছিল ৮৫ লাখ টকাৰ এটা ফ্লেট৷ তদুপৰি পৰিয়ালৰ সদস্যৰ নামত ক্রয় কৰিছিল ৬০ লাখ টকীয়া আন এটা ফ্লেট৷ অভিজাত এলেকাত বিলাসী ফ্লেট ক্রয় কৰিবলৈ ৰিয়াই ইমান বিশাল পৰিমাণৰ ধন পালে ক’ত? সামঞ্জস্যহীন সম্পত্তি উপার্জনৰ এই হিচাপেই এতিয়া ২৮ বছৰীয়া অভিনেত্রীগৰাকীক বিপদত পেলোৱাৰ সম্ভাৱনা প্রবল হৈ পৰিছে৷ তদুপৰি তেওঁ হ’ল কেইবাখনো বিলাসী গাড়ীৰ মালিক৷ সঘন বিদেশ ভ্রমণতো তেওঁ খৰচ কৰিছে লাখ লাখ টকা৷ স্বাভাৱিকতেই ইডিৰ জেৰাৰ প্রধান লক্ষ্য হ’ল– ৰিয়াই প্রয়াত সুশান্তৰ ধন হৰলুকী কৰাৰ প্রমাণ সংগ্রহ কৰা৷ অৱশ্যে ইডিৰ ভিতৰুৱা সূত্রৰ মতে অভিনেত্রীগৰাকীয়ে তদন্তকাৰী বিষয়াসকলক সহযোগ কৰিবলৈ প্রথমতে অমান্তি হৈছিল৷ জেৰাৰ দিন পিছুৱাবলৈ তেওঁ জনোৱা আবেদন নাকচ কৰাৰ পাছতে আজি দুপৰীয়া ৰিয়া চক্রৱর্তী ইডিৰ কার্যালয়ত হাজিৰ হয়৷ সুশান্তৰ পিতৃয়ে পাটনাত দিয়া গোচৰ মতে প্রেমৰ ছলনা কৰি ৰিয়াই তেওঁৰ পুত্রৰ ধন আত্মসাৎ কৰাই নহয়, আত্মহত্যা কৰিবলৈ বাধ্য কৰিছিল৷ সেই অনুসৰি সুশান্তৰ আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বুলি এই ছলনাময়ী অভিনেত্রীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ৷ তদুপৰি চুৰি, আত্মগোপন আৰু প্রৱঞ্চনাৰ গোচৰো ৰুজু কৰা হৈছে৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে চিবিআইক সুশান্তৰ আত্মহত্যাৰ গোচৰৰ তদন্তৰ দায়িত্ব অর্পণ কৰিছে৷ আজি চিবিআয়ে তদন্তৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে৷ আনহাতে, বিহাৰ আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ বিচাৰ প্রক্রিয়া পাটনাৰ সলনি মুম্বাইৰ আদালতত চলোৱাৰ বাবে জনোৱা আবেদনৰ ৰায় ১৮ আগষ্টত দিয়াৰ সম্ভাৱনা আছে উচ্চতম ন্যায়ালয়ে৷
ফ্লেট ক্রয়ৰ কাগজ–পত্র বিচাৰিলে ইডিয়ে
শুকুৰবাৰে দুপৰীয়া পিতৃ ইন্দৰজিৎ চক্রৱর্তী আৰু ভাতৃ সৌৱিকৰ সৈতে ৰিয়া চক্রৱর্তী ইডিৰ কার্যালয়ত উপস্থিত হয়৷ ভাতৃৰ সৈতে ৰিয়াক জেৰা আৰম্ভ কৰিয়েই ইডিৰ বিষয়াসকলে সম্পত্তিৰ হিচাপ আৰু ধন লেনদেনৰ বিষয়ে তথ্য বিচাৰে৷ কেইঘণ্টামানৰ পাছতে ইডিৰ কার্যালয়ৰ পৰা ওলাই যায় সৌৱিক৷ প্রায় দুঘণ্টাৰ পাছত পুনৰ সৌৱিক ঘূৰি আহে৷ জানিব পৰা মতে ঘৰৰ পৰা নথি–পত্র অনাৰ বাবে সৌৱিকক ঘৰলৈ যাবলৈ দিয়া হৈছিল৷ ঠিক সেই সময়তে ৰিয়াৰ মেনেজাৰ শ্রুতি মোদী ইডিৰ কার্যালয়ত হাজিৰ হয়৷ শ্রুতি এটা সময়ত সুশান্তৰো মেনেজাৰ আছিল৷ ইডিয়ে ৰিয়াৰ চার্টার্ড একাউণ্টেণ্টকো চমন জাৰি কৰা বুলি জানিব পৰা গৈছে৷ ইয়াৰ পাছতেই দ্বিতীয়বাৰলৈ ইডিৰ তদন্তকাৰী বিষয়াই ৰিয়াক জেৰা কৰাটো প্রায় নিশ্চিত হৈ পৰিছে৷ ৰিয়াই ১৫ কোটি টকা সন্দেহজনক ট্রেন্সফাৰ কৰোৱা বুলি গোচৰত উল্লেখ কৰা হৈছে৷ বিহাৰ আৰক্ষীৰ এফ আই আৰত সুশান্তৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত এই বৃহৎ ধনৰাশিৰ হৰলুকীৰ বিষয়ে উল্লেখ কৰিছে৷ সুশান্তৰ মুঠ চাৰিটা একাউণ্টৰ ভিতৰত এইচ ডি এফ চি আৰু কোটাক মহিন্দ্রত সর্বাধিক ধন জমা আছিল৷ কিন্তু এই দুয়োটাতে জমা ধনৰ পৰিমাণ ১৫ কোটি নাছিল৷ সন্দেহ কৰা হৈছে সুশান্তই নতুন দিল্লী আৰু মুম্বাইত আৰম্ভ কৰা দুটা কোম্পানীৰ জৰিয়তে বিশাল পৰিমাণৰ ধন আত্মসাৎ কৰিব পাৰে৷ কাৰণ সুশান্তৰ কোম্পানীৰ অংশীদাৰ হিচাপে ৰিয়া আৰু সৌৱিকো আছিল৷ এই সন্দর্ভত ইডিয়ে প্রাৰম্ভিক তথ্য সংগ্রহ কৰা বুলি জানিব পৰা গৈছে৷
সুশান্তৰ ধনেৰেই ৰিয়া–সৌৱিকৰ বিলাসী জীৱন
২০১৯ চনৰ এপ্রিলত সুশান্ত আৰু ৰিয়াৰ মাজত গঢ়ি উঠিছিল প্রেমৰ সম্পর্ক৷ কম দিনৰ ভিতৰতে দুয়োৰে মাজৰ ঘনিষ্ঠতা ইমানেই বৃদ্ধি পায় যে কেইমাহমানৰ পাছতে সুশান্তৰ সৈতে একেলগে থাকিবলৈ লয় ৰিয়া চক্রৱর্তীয়ে৷ সলনি হৈ পৰে বলীউডত প্রতিষ্ঠাৰ বাবে হাহাকাৰ কৰি ফুৰা অভিনেত্রীগৰাকীৰ জীৱনশৈলী৷ তেতিয়াই বলীউডত এই সম্পর্কে যথেষ্ট চর্চা হৈছিল৷ সন্দেহ কৰা মতে সুশান্তৰ ধন আত্মসাৎ কৰাৰ পাছত ৰিয়াৰ আচৰণো সলনি হৈছিল৷ লক্ষণীয়ভাৱে সুশান্তই আত্মহত্যা কৰাৰ দুদিন পূর্বে সুশান্তৰ ঘৰৰ পৰা পিতৃগৃহলৈ গুচি গৈছিল ৰিয়া৷ স্বাভাৱিকতে সুশান্ত কেইবামাহৰ পৰা হতাশাগ্রস্ততাত ভোগাৰ প্রকৃত কাৰণ বিশ্লেষণৰ বাবে পৰৱর্তী সময়ত চিবিআইৰ তদন্তকাৰীয়ে অভিনেতাজনৰ চিকিৎসা কৰা চিকিৎসককো আওতালৈ অনাৰ সম্ভাৱনা আছে৷ প্রকাশিত তথ্য মতে যোৱা বছৰত সুশান্তৰ একাউণ্টত আছিল ৪.৬৪ কোটি টকা৷ কিন্তু ৯০ দিনৰ ভিতৰতে জমা ধন হ্রাস পায় ১.৪ কোটি টকালৈ৷ ক’ত খৰচ হৈছিল এই ৩.২৪ কোটি টকা? সুশান্তৰ চার্টার্ডে একাউনটেণ্টৰ ভাষ্যক ইডিয়ে বিশ্বাসত ল’ব পৰা নাই৷ মুম্বাই আৰক্ষীক তেওঁ দিয়া তথ্য মতে ৰিয়াৰ একাউণ্টলৈ সুশান্তই ট্রেন্সফাৰ কৰা ধনৰ পৰিমাণ অতি সামান্য৷ কিন্তু প্রকাশিত তথ্য মতে ২০১৯ চনৰ ১৪ অক্টোবৰত সুশান্তৰ একাউণ্টৰ পৰা ৰিয়াৰ ভাতৃলৈ ৮১,৯০১ টকা ট্রেন্সফাৰ কৰা হৈছিল বিমানৰ টিকটৰ বাবে৷ পিছদিনা হোটেলৰ খৰচৰ বাবদ সৌৱিকৰ হোটেল বিল হিচাপে ট্রেন্সফাৰ কৰা হয় ৪.৭ লাখ টকা৷ তদুপৰি দিল্লীৰ তাজ হোটেলত থকা–খোৱাৰ ব্যয়ৰ বাবদ সৌৱিকে সুশান্তৰ একাউণ্টৰ পৰাই ৪.৭ লাখ টকাৰ বিল পৰিশোধ কৰে৷ ১৬ অক্টোবৰত ৰিয়া আৰু ভাতৃৰ নামত ৭৬ হাজাৰ টকা একাউণ্টৰ পৰা ওলাই যায় বিমানৰ টিকট ক্রয়ৰ নামত৷ ১৪ নৱেম্বৰত সুশান্তৰ একাউণ্টৰ পৰা ৰিয়াৰ একাউণ্টলৈ ১.৫ লাখ ট্রেন্সফাৰ কৰা হয়৷ পুনৰ ৰিয়াৰ মেক–আপ আৰু বজাৰ–সমাৰৰ নামত সুশান্তৰ একাউণ্টৰ পৰাই ৭৫ হাজাৰ টকা ওলাই যায় ২০ আৰু ২১ নৱেম্বৰত৷ পুনৰ ২৪ নৱেম্বৰত সুশান্তৰ একাউণ্টৰ পৰাই ৰিয়াই ২২,২২০ টকাৰ বজাৰ কৰে৷ উল্লেখ্য যে সুশান্তৰ ক্রেডিট কার্ডো ব্যৱহাৰ কৰিছিল ৰিয়া চক্রৱর্তীয়ে৷
উপার্জনৰ তথ্য নিদিলে ৰিয়াই
সংবাদ মাধ্যমৰ বাতৰি মতে, ইডিৰ জেৰাত নিজৰ সম্পত্তি আৰু উপার্জন সন্দর্ভত সবিশেষ তথ্য প্রকাশ কৰাৰ পৰা কৌশলেৰে আঁতৰি থাকে ৰিয়া চক্রৱর্তী৷ সেয়ে ইডিয়ে দুই–এদিনতে তেওঁক পুনৰ জেৰা কৰাটো একপ্রকাৰ নিশ্চিত৷ আজি জেৰাৰ সময়তে সুশান্তৰ সংগী সিদ্ধার্থ পিথানীকো মাতি পঠিওৱা হয়৷ সুশান্তৰ সৈতে একেটা ঘৰতে আছিল সিদ্ধার্থ৷ তদুপৰি জেৰা কৰা হয় ৰিয়াৰ চি এ ৰিতেশ শ্বাহকো৷ নিশা প্রায় ৯.৩০ বজাত ৰিয়াক ইডিৰ কার্যালয়ৰ পৰা যাবলৈ দিয়া হয়৷ ইতিমধ্যে তেওঁ ইডিৰ কার্যালয়লৈ অহাৰ সময় ৯ ঘণ্টা উকলি গৈছিল৷

You might also like