নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জোনাই মহকুমা প্ৰশাসনে হাতত লৈছে কেইবাটাও কাৰ্যসূচী৷ ইয়াৰে ভিতৰত সোমবাৰে পুৱাৰ ভাগত মহকুমা প্ৰশাসনে এক সজাগতামূলক দৌৰ কাৰ্যসূচীৰ আয়োজন কৰে৷ সোমবাৰে পুৱা ৬ বজাৰ পৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই cross country শীৰ্ষক দৌৰত কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ ছিনিয়ৰ বয়জ, জুনিয়ৰ বয়জ আৰু গাৰ্লছ- এই তিনিটা ভাগত বিভক্ত কৰি মুঠ ৭ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে দৌৰত অংশগ্ৰহণকাৰীসকলে৷ মহকুমা প্ৰশাসনৰ croos country শীৰ্ষক দৌৰ কাৰ্যসূচীৰ ছিনিয়ৰ বয়জ শাখাটো জোনাই মহকুমা প্ৰশাসনৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ সোণোৱাল,জুনিয়ৰ বয়জ শাখাটো অতিৰিক্ত সহঃ আয়ুক্ত জিন্তুমণি শৰ্মা আৰু ছোৱালী শাখাটো নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰে শুভাৰম্ভ কৰে৷ মহকুমা প্ৰশাসনে আয়োজন কৰা croos country শীৰ্ষক দৌৰ কাৰ্যসূচীৰ সফল ৰূপায়ণত জোনাইৰ ব্যৱসায়ী চপু চাহু, হিতেশ কুলিৰ লগতে খেলো ইণ্ডিয়াৰ টীম, গাঁওৰক্ষী বাহিনীৰ দল, আৰক্ষী বাহিনী, আপাতকালীন বাহিনী আৰু চিকিৎসা কৰ্মীসকলে সহায়-সহযোগিতা আগবঢ়ায়৷
প্ৰেৰক কৰবী দলে