বিশেষ বাৰ্তা, ২১ জুলাইঃ সুদূৰ কাশ্মীৰত অসমৰ এজন অৰ্দ্ধ সামৰিক বাহিনীৰ জোৱানৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে সমগ্ৰ মৰিয়নিতে গভীৰ শোকৰ ছাঁ পেলাইছে। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ কৰ্মৰত কনিষ্টবল আছিল সদ্যপ্ৰয়াত জোৱানজন। আজি পুৱা চি আৰ পি এফৰ তৰফৰ পৰা জোৱানজনৰ মৃত্যুৰ সংবাদ পৰিয়ালক দিয়াৰ পিছতেই পৰিৱেশ শোকাকুল হৈ পৰে। মৃত জোৱানজন দক্ষিন কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলৰ লাৰ্নু নামৰ ঠাইত অৱস্থিত চি আৰ পি এফৰ ১৬৪ বি নং বেটেলিয়ানৰ জোৱান টংকেশ্বৰ দাস। মৰিয়নি নগৰৰ চাৰি নং ৱাৰ্ড নতুনমাটিৰ নিবাসী মধু দাস আৰু ঝৰ্ণা দাসৰ একমাত্ৰ পুত্ৰ আছিল প্ৰয়াত টংকেশ্বৰ দাস ওৰফে মন্টু। প্ৰায় ৩৭ বছৰীয়া চি আৰ পি এফ জোৱান টংকেশ্বৰ দাসে আনদিনাৰ দৰে কালি ৰাতিও পৰিয়ালৰ লোকৰ সৈতে কথা ফোনযোগে কথা পাতিছিল। আজিও পুৱা প্ৰায় ৬-৩০ মান বজাত ঘৰলৈ ফোন কৰি পৰিয়ালৰ লোকৰ সৈতে কথা পাতে। জানিব পৰা মতে, আজি পুৱা কথাৰ মাজতে টংকেশ্বৰে পৰিয়ালৰ লোকক জনায় যে, আজি দিনত বিশেষ কিছু প্ৰশিক্ষণ থকাৰ বাবে দিনটো তেওঁ কিছু ব্যস্ত থাকিব । সেয়েহে তেওঁলৈ ফোন নকৰিবৰ বাবেও কয়। কিন্তু প্ৰায় ৮-৩০ মান বজাত চি আৰ পি এফৰ বিভাগীয় বিষয়াৰ তৰফৰ পৰা পৰিয়ালৰ লোকক ফোন কৰি আকস্মিক ভাৱে টংকেশ্বৰৰ মৃত্যুৰ বাতৰি দিয়ে। প্ৰথমে চি আৰ পি এফৰ তৰফৰ পৰা পৰিয়ালক টংকেশ্বৰ অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি অৱগত কৰা হয় যদিও তাৰ কিছু সময়ৰ পিছতেই মৃত্যুৰ দুঃসংবাদ দিয়ে পৰিয়ালৰ লোকক। জানিব পৰা মতে, আজি পুৱা ঘৰলৈ ফোন কৰাৰ পিছতেই জোৱানজন শাৰীৰিক অনুশীলন কৰিবলৈ যায়। ফিল্ডত শাৰীৰিক অনুশীলন কৰি থকা অৱস্থাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ টংকেশ্বৰৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। তেওঁক ততাতৈয়াকৈ লাৰ্নুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষনা কৰে। পৰিয়ালৰ সূত্ৰে জানিবলৈ দিয়া মতে, কালি ৰাতি মাক- দেউতাকৰ সৈতে শেষবাৰলৈ ফোনযোগে কথা পাতিছিল। আজি পুৱা একমাত্ৰ ভনীয়েকৰ সৈতে কথা পাতিছিল টংকেশ্বৰে । ইয়াৰ পিছতেই টংকেশ্বৰৰ মৃত্যুৰ বাতৰি আহে। উল্লেখযোগ্য যে, যোৱা ডিচেম্বৰত জোৱানজন বিবাহ পাশত আৱদ্ধ হৈছিল। অমায়িক, হাঁহিমুখীয়া টংকেশ্বৰৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই সমগ্ৰ মৰিয়নিতে শোকৰ ছাঁ পৰে । ইফালে, পৰিয়ালৰ লোকসকল শোকাহত হৈ পৰাৰ ওপৰিও সন্তানসম্ভৱা পত্নীক সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে। ১৯৮৬ চনৰ ১৬ আগষ্টত জন্মগ্ৰহণ কৰা সদ্য প্ৰয়াত টংকেশ্বৰ দাসে মৃত্যুৰ সময়ত পিতৃ মধু দাসৰ লগতে মাতৃ ঝৰ্ণা দাস, পত্নী সুজাতা ৰয় দাস আৰু একমাত্ৰ ভনীয়েকক ইহ সংসাৰত এৰি থৈ গৈছে। টংকেশ্বৰৰ মৃত্যুত মৰিয়নি নতুনমাটি নামঘৰ পৰিচালনা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকাকুল পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ইফালে, জোৱান জনৰ মৃতদেহ কাশ্মীৰৰ পৰা মৰিয়নিলৈ আনি থকা বুলি জানিব পৰা গৈছে আৰু কাইলৈ তেওঁৰ মৃতদেহ আজি নিজ বাসগৃহ আহি পোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া