নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিএছপিৰ স্বত্বাধিকাৰীক গুলীয়াই ধন লুট

🔹 কোকৰাঝাৰৰ শান্তিপুৰৰ ঘটনাত জড়িত দুই দুৰ্বৃত্তক মাৰণাস্ত্ৰসহ আটক

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰ : কোকৰাঝাৰ জিলাৰ কাজিগাঁও থানাৰ অন্তৰ্গত শান্তিপুৰস্থিত চি এছ পি এটাৰ স্বত্বাধিকাৰী ছফিকুল ইছলামক যোৱা ৪ অক্টোবৰত দুৰ্বৃত্তই গুলীচালনা কৰি পলায়ন কৰা ঘটনাৰ সৈতে জড়িত দুজনক কালি বিয়লি আৰক্ষীয়ে আটক কৰাৰ লগতে ঘটনাত ব্যৱহৃত মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ নিশাৰ ভাগত গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া হীৰেন কুমাৰে তেওঁৰ কাৰ্যালয় কক্ষত এখন সংবাদ মেল সম্বোধন কৰি এই তথ্য সদৰী কৰিছে৷ সংবাদ মেলত সদৰী কৰা তথ্য মতে, ধুবুৰী জিলাৰ তামাৰহাটৰ বৰজানৰ বাসিন্দা ছফিকুল ইছলামক গুলীচালনা কৰা ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্ত দুজন গোসাঁইগাঁও মহকুমাৰ কচুগাঁও থানা এলেকাৰ বাসিন্দা ৰবি মুৰ্মু (২০) আৰু পাৰগানা মুৰ্মু (২৫) বুলি চিনাক্ত কৰা হৈছে ৷ যুৱক দুজনৰ পৰা আৰক্ষীয়ে এটা মেগজিনসহ ৭’৬৫ এম এম পিষ্টল এটা উদ্ধাৰ কৰিছে ৷ উল্লেখ্য যে শান্তিপুৰ বজাৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ চি এছ পিত যোৱা ৪ অক্টোবৰত মটৰ চাইকেলত অহা দুজন দুৰ্বৃত্তই গুলীচালনা কৰি ছফিকুল ইছলামৰ লগত থকা নগদ ধন লুটি নিছিল৷ উক্ত গুলীচালনাত চি এছ পিৰ স্বত্বাধিকাৰী তামাৰহাটৰ বৰজানৰ বাসিন্দা ছফিকুল ইছলাম আহত হৈছিল৷ ঘটনা সংঘটিত হোৱাৰ পাছতেই আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰে আৰু কালি বিয়লি ঘটনাটোত জড়িত দুৰ্বৃত্ত দুজনক আটক কৰিবলৈ সক্ষম হয় বুলি সংবাদ মেলযোগে প্ৰকাশ কৰে মহকুমা আৰক্ষী বিষয়া হীৰেণ কুমাৰে ৷ ধৃত দুই ব্যক্তিৰ পৰা আৰক্ষীয়ে অধিক তথ্য উদ্ধাৰ কৰিবলৈ তদন্তৰ লগতে জেৰা অব্যাহত ৰাখিছে৷ অৱশ্যে দুষ্কৃতিকাৰী দুজন কোনো উগ্ৰপন্থী সংগঠনৰ সদস্য হয় নে নহয়, এই সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য পোহৰলৈ অহা নাই বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ৷

প্ৰেৰক ৰুবুল পাঠক

You might also like