বার্তা ব্যুৰো, যোৰহাট, ১ এপ্ৰিলঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুকলি কৰাৰ পাছতে স্মৃতি তৰ্পন কৰা হয়। এই কাৰ্যসূচীৰ পাছতে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। উপাচাৰ্যই ফ্লেগ অফ কৰি মুকলি কৰা শোভাযাত্ৰাটোত অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, সাংস্কৃতিক কাৰ্যক্ৰম, দেশপ্ৰেমমূলক তথা কৃষিভিত্তিক বিভিন্ন প্ৰেক্ষাপট উপস্থাপন কৰা হয়। এই শোভাযাত্ৰাত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ সহস্ৰাধিক শিক্ষাৰ্থী তথা গৱেষকে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাটোৱে বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ চৌহদ পৰিভ্ৰমণ কৰে। বিয়লি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱসৰ মুল কাৰ্যসূচী প্ৰতিষ্ঠা দিৱস বক্তৃতা অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান ( কৃষি শিক্ষা) ড° আৰ চি আগৰৱালে পৰিবৰ্তিত পৰিস্থিতিত কৃষি শিক্ষাৰ প্ৰাসংগিকতা শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়ায়। সন্ধিয়া বিশ্ববিদ্যালয়ৰ মূল ভৱনসমুহ আলোকিতকৰণ কৰাৰ পাছতে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচী সমাপ্ত হয়।