আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজলিল গোৰেশ্বৰৰ জিউচ নীল
জিউচ নীল বৰুৱা গুৱাহাটীৰ বৰাগাঁওস্থিত ছেইণ্ট ফ্ৰান্সিচ ডি’ এচি ছি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৭ম শ্ৰেণীত অধ্যয়নৰত এগৰাকী প্ৰচুৰ সম্ভাৱনা সম্পূৰ্ণ তথা প্ৰতিভাবান ছাত্ৰ। অলপতে অনুষ্ঠিত হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় স্পেলিং বি প্ৰতিযোগিতাত শীৰ্ষস্থান দখল কৰি সমগ্ৰ অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে।
তামুলপুৰ জিলাৰ অন্তৰ্গত গোৰেশ্বৰ ৰাজহ চক্ৰ বৰফুলচকী (আউৰীয়াপাৰা) গাঁও নিৱাসী তথা বৰ্তমান গুৱাহাটীত ৰেলবিভাগত কৰ্মৰত হৈ থকা পিতৃ অমিতাভ বৰুৱা আৰু মাতৃ অনামিকা বৰুৱাৰ সুযোগ্য সন্তান জিউচ নীল বৰুৱাৰ এই সফলতাত দেশবাসীৰ লগতে সমগ্ৰ অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।
স্পেলিং বি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা এক মৰ্যাদাপূৰ্ণ ইংৰাজী বানান তথা শব্দ সম্ভাৰৰ বিশাল প্ৰতিযোগিতা। ইয়াৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ ইংৰাজী সাহিত্য,শব্দ সম্ভাৰ আৰু ভাষা কৌশলৰ ব্যুৎপত্তি পৰীক্ষা কৰা হয়। আমেৰিকা, ইংলেণ্ড, অষ্ট্ৰেলিয়, চিংগাপুৰ, থাইলেণ্ড, ইউনাইটেড আৰব ইমাইৰেটছ, শ্ৰীলংকা, ভাৰতবৰ্ষ আদি দেশৰ বিভিন্ন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতা তিনিটা পৰ্যায়ত (যেনে-প্ৰিলিমিনাৰী,২য় ৰাউণ্ড আৰু গ্ৰেণ্ড ফিনালে) অনু্ষ্ঠিত কৰা হৈছিল।
ভাৰতবৰ্ষৰ জিউচ নীল বৰুৱাই এই আটাইকেইটা ৰাউণ্ড অতিক্ৰম কৰি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। যোৱাবছৰ তেওঁ এই প্ৰতিযোগিতাত মাণ্ডলিক পৰ্যায়ত শীৰ্ষস্থান দখল কৰিছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত চূড়ান্ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল। কঠোৰ শ্ৰম,অধ্যাৱসায় আৰু অখণ্ড সাধনাৰ ফলত জিউচ নীল বৰুৱাই এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়।
নিয়মীয়া বাৰ্তা, গোৰেশ্বৰ : Date of Published, 5 July