নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইটো ৰাস্তাৰে নাযাব…. মাজুলীত ভগা পকী কালভাৰ্টে বিপদ মাতিছে পথচাৰীলৈ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ দ্বীপ জিলা মাজুলীৰ বাট-পথসমূহ বিগত পাঁচটা বছৰত বহু পৰিৰ্ৱতন হল যদিও বৰ্তমানো একংশ ভিতৰুৱা অঞ্চলৰ পথ আজিপৰ্যন্ত পকীকৰণ নোহোৱাত জনসাধাৰণৰে যমৰ যাতনা ভুগিব লগা হৈছে ৷ দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰীয়া সময় সমাগত যদিও মাজুলীৰ ভিতৰুৱা অঞ্চলত আজিও পৰা নাই উন্নয়নৰ ছাঁ ৷ কি যাতায়াত , কি স্বাস্থ্য খণ্ড , কি শিক্ষা সকলোতে পিছ পৰি ৰৈছে একাংশ গাৱৰ জনতা ৷ এই পথসমূহৰ ভিতৰত মাজুলীৰ বনগাওঁ আৰু ৰঙাচাহী গাওঁ পঞ্চায়তৰ অন্তৰ্গত মূদৈগাওঁ-নতুন বেচামৰা , ধোৱাচেলা মিছিং গাঁৱৰ প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱাৰ পকীকৰন আচনি মাজুলী গড়কাপ্টানী বিভাগে গ্ৰহণ নকৰাত পথটোত যাত্ৰীয়ে হাৰাশাস্তি ভুগিব লগা হৈছে । এই পথটো পূব আৰু উজনি মাজুলীবাসীৰ যোগাযোগৰ চমু পথ যদিও পথটোৰ দুৰৱস্থাৰ বাবে যাত্ৰীয়ে বিকল্প পথেৰে যাতায়াত অব্যহত ৰাখিব লগা হৈছে । প্ৰায় ১০খন গাঁৱক সংযোগ কৰা পথটো বাধ্যত পৰিহে উক্ত গাওঁসমুহৰ জনসাধাৰণে অহা যোৱা কৰি আহিছে । পথটোৰে উজনি মাজুলীৰ বহু ছাত্ৰছাত্ৰীয়ে পূৱ মাজুলী মহাবিদ্যালয় , বনগাওঁ আই টি আই, মেৰাগড় নাৰায়ন দেব উচ্চতৰ মাধ্যমিক বিদ্যালয়, বনগাওঁ বালিকা বিদ্যালয় , চামগুৰি সত্ৰ ৰাৱনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় , ৰাৱনাপাৰ বিটিচি, বনগাওঁ পাঞ্জাৱ নেচনেল বেংক, অফলামূখ-দক্ষিনপাট ফেৰীঘাট, জিলা সদৰ গড়মূৰ আৰু কমলাবাৰীলৈ দৈনিক যাত্ৰী আৰু ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰি আহিছে । কিন্তু বৰ্তমান বাৰিষা সমাগত ৷ বৰষুণ আহিলেই ছমাহ অঠুৱনীয়া বোকা আৰু খৰালি ছমাহ খাল-ডোং আৰু ধুলি বালিৰ বাবে যাত্ৰীসকলে যাতায়ত কৰাত ভীষন সমস্যাৰ সৃষ্টি হৈ আহিছে । বাৰিষা ছমাহত বহু সময়ত বোকা পানীৰ বাবে ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহিব নোৱাৰে । ইয়াৰোপৰি পথটোৰ ৰঙাচাহী পঞ্চায়তৰ অন্তৰ্গত শুকানসূতি মিচিং গাওঁ অংশত থকা কালভাৰ্ট টো বৰ্তমান মৰনফাণ্ডত পৰিণত হৈছে । কালভাৰ্টটোত থকা দুটা প্ৰকাণ্ড গাতত পৰি যাত্ৰীয়ে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে যদিও ৰঙাচাহী গাওঁ পঞ্চায়তৰ জন প্ৰতিনিধি বা গড়কাপ্তানি বিভাগে কালভাৰ্টটো পুনৰ নিৰ্মানৰ কোনো ব্যৱস্থা কৰা নকৰাত হাৰাশাস্তিৰ সন্মোখিন হৈ পথাচাৰি । এনে পৰিপ্ৰেক্ষিতত পূব মাজুলীবাসী ৰাইজে এই পথটো পকীকৰন আৰু কালভাৰ্টটো পুনৰ নিৰ্মান কৰিবলৈ গড়কাপ্তানি বিভাগক দাবী জনাইছে ।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড 

You might also like