নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত গ্ৰাহকৰ টকা একাউণ্টত জমা নকৰি আত্মসাতৰ অভিযোগ

🔴  চিএছপিৰ এজেন্ট নিলুফা ইয়াছমিনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

 

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিঙে ৰাজ্যৰ পৰিৱেশ উত্তপ্ত কৰি ৰখাৰ সময়তে  বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে ভয়ংকৰ প্ৰৱঞ্চনাৰ ঘটনা।  এইবাৰ প্ৰৱঞ্চনাত নামিছে বেংকৰ  গ্ৰাহক সেৱা কেন্দ্ৰৰ এজেণ্ট। ইউকো বেংকৰ বৰকান্দা শাখাৰ CSPৰ এজেন্ট  নিলুফা ইয়াছমিনে দীৰ্ঘদিন পৰাই দৰিদ্ৰ গ্ৰাহকক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। শেহতীয়াকৈ বৰকান্দাৰ এটা আত্মসহায়ক গোটৰ ধন নিলুফাই আত্মসাৎ কৰাৰ অভিযোগৰ পিছত চকু কপালত উঠিছে গাঁওবাসীৰ।  অভিযোগ অনুসৰি, বৰকান্দাৰ  ছুইটি  আত্মসহায়ক গোটে বিগত প্ৰায় ৫ মাহ পূৰ্বে নিলুফাৰ হাতত জমা দিছিল ১৫ হাজাৰ টকা। কিন্তু চতুৰ প্ৰৱঞ্চক নিলুফাই  জমা টকাৰ ৰিচিপ্টত লিখিছিল ১১ হাজাৰ  টকা।  পিছে সেই ১১ হাজাৰ  টকাও  ৫ মাহে বেংকত জমা কৰা নাছিল নিলুফাই।  ছুইটি আত্মসহায়ক গোটৰ বেংক ষ্টেটমেন্টত ধৰা পৰিছে প্ৰৱঞ্চক নিলুফাই মেলা ভয়ংকৰ প্ৰৱঞ্চনাৰ জালৰ এই তথ্য।  ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে ছুইটি আত্মসহায়ক গোটৰ কৰ্মকৰ্তা আৰু গাঁওবাসী। ইতিমধ্যে বিভিন্নজনে নিলুফা ইয়াছমিনৰ বিৰুদ্ধে দাখিল  কৰিছে কেইবাখনো অভিযোগ পত্ৰ। নিলুফাৰ দুই নম্বৰী কাৰবাৰৰ লগত বিভাগীয় কৰ্তৃপক্ষৰ কেইবাজনো উচ্চপদস্থ বিষয়া-কৰ্মচাৰী জড়িত  থকাৰো অভিযোগ উত্থাপন  হৈছে। তথ্যসহ প্ৰৱঞ্চনা কৰাৰ অভিযোগ পোৱাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত উত্থাপন  হৈছে বহু প্ৰশ্নৰ। উল্লেখ্য যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মহামায়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ একাংশ  উচ্চপদস্থ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধেও উত্থাপন  হৈছে প্ৰৱঞ্চনাৰ অভিযোগ। ঋণ দিয়াৰ নামত  বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে কাৰ্যালয় বিষয়াৰ বিৰুদ্ধে। প্ৰৱঞ্চকৰ বিৰুদ্ধে কঠোৰ হৈ পৰা অসম  চৰকাৰে বিলাসীপাৰাৰ নিলুফা ইয়াছমিন আৰু তেওঁৰ সৈতে জড়িত থকাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like