নিউজ ডেস্ক, ২৭ মার্চঃ মানুহ হত্যাতকৈও গুৰুতৰ অপৰাধ গছ কটা৷ গছ কটাক লৈ এই গুৰুত্বপূর্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ৷ বনাঞ্চল ধ্বংসই জলবায়ু পৰিৱর্তনেৰে পৃথিৱীলৈ অশনি সংকেত কঢ়িয়াই অনা সন্দর্ভত উদ্বিগ্নতা প্রকাশ কৰি গছ কটাক লৈ গুৰুত্বপূর্ণ ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে৷ নির্বিচাৰে বনাঞ্চল ধ্বংস কৰি মানৱ সভ্যতাক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া গছ কটা কার্য মানুহ হত্যাতকৈও ডাঙৰ অপৰাধ৷ সংৰক্ষিত বনাঞ্চল আগ্রাৰ তাজমহলৰ সমীপত প্রায় ১০ হাজাৰ কিলোমিটাৰ অঞ্চলটোত তাজমহল ট্রেপিজিয়াম জ’ন হিচাপে স্বীকৃত হৈ আছে৷ এই জ’নটোত এগৰাকী ব্যক্তিয়ে সংশ্লিষ্ট কর্তৃপক্ষৰ কোনো অনুমতি নোহোৱাকৈ ৪৫৪জোপা গছ কটাৰ বিৰুদ্ধে জনোৱা আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে গুৰুত্বপূর্ণ ৰায়টো প্রদান কৰে৷ শিৱশংকৰ আগৰৱাল নামৰ ব্যক্তি এজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ অভয় এছ অকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ খণ্ড বিচাৰপীঠে আগৰৱালক দোষী সাব্যস্ত কৰি প্রতিডাল গছৰ বাবে জৰিমনাও বিহে৷ বিচাৰপীঠে শুনানি গ্রহণ কৰি কয় যে ৪৫৪ডাল গছ পৰিৱেশৰ বাবে অতি মংগলজনক৷ এই পৰিৱেশ ওভতাই আনিবলৈ হ’লে ১০০ বছৰ লাগিব৷ অথচ এই গছ কটাৰ বাবে কোনো অনুমতি লোৱা নাই৷ এই কাৰণতে আগৰৱাল অভিযুক্ত৷ প্রতিডাল গছৰ বাবে এক লাখ টকাকৈ জৰিমনা দিব লাগিব৷ ডালমিয়া ফার্মছৰ ৪৫৪জোপা গছ শিৱশংকৰ আগৰৱালে কটাৰ বাবেই বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব৷ অভিযুক্তৰ অধিবক্তাই দোষ স্বীকাৰ কৰি জৰিমনা অধিক হোৱা বুলি কম কৰিবলৈ আবেদন জনায় যদিও সেই আবেদন খাৰিজ কৰে বিচাৰপীঠে৷ উল্লেখ্য যে ২০১৯ চনত তাজমহলক প্রদূষণৰ পৰা মুক্ত কৰিবলৈ তাজ ট্রেপিজিয়াম জ’ন ঘোষণা কৰা হৈছিল৷ সেই অঞ্চলত ব্যক্তিগত ভূমি থাকিলেও সেই ঠাইৰ গছ কাটিবলৈ অনুমতিৰ প্রয়োজন৷ কিন্তু আগৰৱালে কোনো অনুমতি লোৱা নাছিল৷