নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী নেকিবুৰ

বাৰ্তা বুৰো, ১৭ জুলাইঃ চাইবাৰ অপৰাধীৰে ৰাজ্য ছানি ধৰাৰ সময়ত মৰিগাঁও আৰক্ষীৰ জালত পৰিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন হৰলুকী কৰা প্ৰৱঞ্চক। মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই মৈৰাবাৰী থানাৰ অন্তৰ্গত দুৰাবান্ধিৰ পৰা গ্ৰেপ্তাৰ নেকিবুৰ ৰহমান নামৰ প্ৰৱঞ্চকটোক। ধৃত নেকিবুৰৰ পৰা আৰক্ষীয়ে ১০১খন এ টি এম, ৩টা ছোৱাইপ মেচিন, এটা টেবলেট, আৰু বহু অপত্তিজনক নথিপত্ৰ জব্দ কৰিছে। তিনি দিন পূৰ্বে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা ফচল বীমা যোজনাৰ মূল অভিযুক্ত দিলোৱাৰ স্বীকাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈ এই নেকিবুৰ নেকিবুৰৰ ঘৰৰ উপৰি অন্য ৯টা ঘৰত অভিযান চলাইছিল মৰিগাঁও আৰক্ষীয়ে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like