নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ কথাশিল্পী প্ৰয়াত হোমেন বৰগোহাঞি আৰু আন কেইবাজনো মানৱদৰদী লোকৰ উদ্যোগত ২০১২ চনৰ ১২ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল “কৰুণাধাৰা- এক হৃদয়ৰ আন্দোলন“ৰ৷ নিৰৱচ্ছিন্নভাৱে তেতিয়াৰ পৰা এতিয়ালৈকে অসমৰ বিভিন্ন প্ৰান্তত কৰণাধাৰাৰ সমিতিসমুহে বিশেষ ভাৱে সক্ষম লোকসকলৰ বাবে আৰু দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকসকলক বিভিন্ন ধৰণে সহায় আগবঢ়াই আহিছে৷ অনুষ্ঠানটোৰ মানৱদৰদী কাৰ্যসূচীৰ অংশ হিচাপে কৰুণাধাৰাৰ বজালী সহায়ক সমিতিয়ে আজি বিশেষভাৱে সক্ষম কেইবাজনো ব্যক্তিক চেক প্ৰদান কৰে৷ অনুষ্ঠান পাঠশালাৰ বিশেষভাৱে সক্ষম শিশুসকলৰ শিক্ষাৰ বাবে আত্মোৎসৰ্গ কৰা ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰাপক “তপোবন“ৰ সঞ্চালক কুমুদ কলিতাক বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়৷ পাঠশালাৰ জ্যোতিনগৰস্থিত আৱাহন থিয়েটাৰৰ প্ৰাংগনত অনুষ্ঠিত সভাত “অসম সৌৰভ“ বঁটা প্ৰাপক কৃষ্ণ ৰয়কো সম্বৰ্দ্ধনা জনোৱা হয়৷ কৰুণাধাৰাৰ বজালী সহায়ক সমিতিৰ সম্পাদক নয়নেন্দ্ৰ নাৰায়ণ দেৱ চৌধুৰীয়ে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে বজালী সহায়ক সমিতিৰ সভাপতি তথা বিশিষ্ট চিকিৎসক ডাঃ হিতেশ তালুকদাৰে৷ সভাত পুলু কুমাৰ শৰ্মা, অতুল শৰ্মা, অনিল দাস, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা বিজন বায়ন, লক্ষেশ্বৰ দাস, দীপা তালুকদাৰ, ডঃ হীৰুমণি কলিতা, ডঃ বিনীতা বৰা দেৱ চৌধুৰীকে আদি কৰি কেবাগৰাকীও বিশিষ্ট লেক উপস্থিত থাকে৷
প্ৰেৰক কল্যাণ কলিতা