নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও আৰক্ষীৰ বৃহৎ অভিযানত দহ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

বার্তা বুৰো, ২৪ ডিচেম্বৰ: মৰিগাঁৱত পুনৰ দহজনকৈ চাইবাৰ অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই সমগ্ৰ জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে, মৰিগাঁৱৰ মৈৰাবাৰী থানাৰ গোচৰ নং ২৪১/২২ৰ ভিত্তিত মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) সমীৰণ বৈশ্যৰ নেতৃত্বত মৈৰাবাৰী আৰক্ষীৰ সহযোগত মৈৰাবাৰীৰ বিভিন্ন অঞ্চলত তীব্ৰ অভিযান চলাই যোৱানিশা পুনৰ দহজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মৰিগাঁও আৰক্ষীয়ে অভিযান কালত ধৃত চাইবাৰ অপৰাধী কেইজনৰ পৰা নগদ ২২ হাজাৰ টকাকে ধৰি ৪০০ৰো অধিক মৱাইলৰ ছীম কাৰ্ড, দুটা লেপটপ, অৰ্ধশতাধিক ছীল মোহৰ, ২২টা মৱাইল ফোনৰ লগতে প্ৰায় শতাধিক বিভিন্ন বেংকৰ চেকবুক, পাছবুক, বৃহৎ পৰিমাণৰ এটিএম কাৰ্ড, পানকাৰ্ড, কেইবাটাও কম্পিউটাৰ হাৰ্ডডিক্স, দুখন বাইক,দুখন চাৰিচকীয়া বাহন, অসংখ্য আধাৰ কাৰ্ডৰ লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে। ইতিমধ্যে ধৃত দহজন চাইবাৰ অপৰাধীক মৰিগাঁও সদৰ থানাত আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধাপোচা অব্যাহত ৰাখিছে। ইফালে, মৰিগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে। মৰিগাঁৱত থকা চাইবাৰ অপৰাধীৰ ঘাটিসমূহ উৎখাত কৰিবলৈ মৰিগাঁও আৰক্ষীক জিলাবাসীয়ে আহ্বান জনাইছে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like