নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰী: বিগত কেইবা মাহ ধৰি মৰিগাঁৱৰ বিভিন্ন প্ৰান্তত চাইবাৰ অপৰাধী বিচাৰি আৰক্ষীয়ে চলাইছে এটাৰ পিছত এটাকৈ ধাৰাবাহিক অভিযান। যোৱা শুকুৰবাৰে মৈৰাবাৰীৰ শগুনবাহী গাঁৱৰ পৰা তিনিজনকৈ চাইবাৰ অপৰাধত জড়িত লোকক মৰিগাঁও আৰক্ষীয়ে ১৭২০খন ছিমকাৰ্ড আৰু ১১টা মোবাইল ফোনসহ গ্ৰেপ্তাৰ কৰাৰ পিছত আজি পুনৰ মৈৰাবাৰীৰ চহৰীয়া পামৰ পৰা মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ)ৰ নেতৃত্বত চলা এটা অভিযানত চহৰীয়া পামৰ মইজুল ইছলাম (২২) আৰু আবল নচৰ (২৪)ক ১৫০খন ছিমকাৰ্ড আৰু তিনিটা মোবাইল ফোনসহ আটক কৰে। আটক হোৱা চাইবাৰ অপৰাধী দুটাক ইতিমধ্যে মৈৰাবাৰী আৰক্ষী থানাত জেৰা অব্যাহত ৰখা হৈছে। উল্লেখ্য আৱশ্যক যে চাইবাৰ অপৰাধ কাৰ্যত জড়িত থকাৰ অভিযোগত কুৰিৰো অধিক অভিযুক্ত জেল হাজোতত দিন অতিবাহিত কৰি থকাৰ পিছতো যেন কমা নাই চাইবাৰ অপৰাধ।
প্ৰেৰক তাৰিকুল ইছলাম