নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : বৰ্তমান সময়ত সমাজত মাৰাত্মক ৰূপ ধাৰণ কৰিছে ড্ৰাগছে। এই নিষিদ্ধ দ্ৰব্যৰ বাবে বহু যুৱক-যুৱতীৰ জীৱন অকালতে ধ্বংস হৈ গৈছে। এনে সময়তে ছত্তিশগড়ৰ যুৱক অমৰ পাটলেই ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে যুৱপ্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ কৰি আছে। ইতিমধ্যে ২৬ ৰাজ্য ভ্ৰমণ কৰি সচেতন আজি ৰঙিয়াত উপস্থিত হয় ছত্তিশগড়ৰ চাইক্লিষ্ট অমৰ পাটলে। ড্রাগছ আৰু বিভিন্ন নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যৰে ২০২৩ বৰ্ষৰ ৯ মে’ত ছত্তিশগড়ৰ ৰায়গড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল যুৱকজনে। ইতিমধ্যে ১৫,০০০ কিলোমিটাৰ চাইকেলেৰে যাত্রা কৰিছে। যুৱকজনে বিদ্যালয়, মহাবিদ্যালয়, পথচাৰীসকলক ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰোৱাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে সকলোকে শপতবাক্য পাঠ কৰোৱায়। চাইকেল যাত্ৰাৰে ৰাজ্যত এটা সুন্দৰ বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে। মাদক দ্ৰৱ্য সেৱন বৰ্জন কৰা, নিচামুক্ত কৰাৰ বাৰ্তা কঢ়িয়াইছে যুৱকজনে। নিচাযুক্ত দ্ৰব্যৰে দেশত সংঘটিত বিভিন্ন ঘটনা-দুৰ্ঘটনাসমূহৰ ৰোধ কৰাৰ এটা বাৰ্তাও প্ৰেৰণ কৰিবলৈ চেষ্টা চলাইছে। লগতে তেওঁ বিদ্যালয়ৰ পাঠ্যক্ৰমত ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে জ্ঞান দিব পৰাকৈ পাঠদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়।
প্ৰেৰক ফাৰুক হুছেইন