নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘূৰ্ণি বতাহ ‘ৰেমাল’ৰ বাবে শিৱসাগৰত নিষেধাজ্ঞা জাৰি  

নিয়মীয়া বাৰ্তা, ২৭ মে’ : শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এক নিৰ্দেশ অনুসৰি পূব মধ্য বংগোপসাগৰত বিকশিত হোৱা ঘূৰ্ণি বতাহ ‘ৰেমাল’ৰ বাবে ৰাষ্ট্ৰীয় বুলেটিন নং ১৪ (বি অ’  বি/01/2024) জাৰি কৰা হৈছে। যিহেতু ৰেমাল উত্তৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে ই  সমগ্ৰ অসমৰ লগতে শিৱসাগৰ জিলালৈ প্ৰবল বতাহ আৰু ধাৰাসাৰ বৰষুণ আনিব পাৰে, সেয়েহে আই এম ডিৰ দ্বাৰা সতৰ্কবাণী জাৰি কৰাৰ লগতে জীৱন আৰু সম্পত্তিৰ সম্ভাব্য ক্ষতি প্ৰতিহত কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা অনুসৰি শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱস্হাপনা প্ৰাধিকৰণ আইন, ২০০৫ৰ ধাৰা ২৬(৩)ৰ অধীনত নিম্ন উল্লেখিত বাধাসমূহ আৰোপ কৰা হৈছে-

১। শিৱসাগৰ জিলাৰ অধীনত থকা ফেৰী সেৱা পৰিচালনা কৰা সকলো বিভাগ আৰু ব্যক্তিগত নাও/জাহাজ ২৭ মে’ৰ পৰা ২৮ মে’লৈ স্থগিত ৰাখিব লাগিব। অৱশ্যে এই নিলম্বনত অত্যাৱশ্যকীয় সেৱা, সাহায্য আৰু উদ্ধাৰ অভিযান অন্তৰ্ভুক্ত নহয়।

২। এই সময়ছোৱাত ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহত মাছ ধৰা কাৰ্যকলাপ সম্পূৰ্ণ নিষিদ্ধ।

৩। এই সময়ছোৱাত জিলাখনৰ সকলো নদী আৰু অন্যান্য জলাশয়ত সাঁতোৰ নিষিদ্ধ।

৪। কৃষকসকলক এই সময়ছোৱাত ক্ষেত্ৰ পৰ্যায়ৰ কৃষি কাৰ্যকলাপ, গৰু চৰোৱা কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like