নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক ২-৩ দিনত গুৱাহাটীত প্ৰচণ্ড বৰষুণ-ৰ IMDৰ

আগন্তুক ২-৩ দিনত গুৱাহাটীত প্ৰচণ্ড বৰষুণ-ৰ IMDৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মে’ : অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আগন্তুক ২-৩ দিনত গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী দিছে।

আই এম ডিয়ে IMDও সকীয়াই দিছে যে অনাগত দিনত গুৱাহাটীত বজ্ৰপাতৰ সৈতে বৰষুণ আৰু ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগেৰে বতাহৰ সৈতে ধুমুহা বতাহৰ সম্ভাৱনা অতিশয় বেছি । আৰু দুৰ্বল স্থানত ভূমিস্খলনৰ আশংকা বৃদ্ধিৰ কথা জনাইছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি কৰ্তৃপক্ষই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থা সষ্টম কৰি ৰখা হৈছে।

লগতে গুৱাহাটীবাসীক প্ৰয়োজনীয় সকলো সাৱধানতা অৱলম্বন কৰি সজাগ হৈ থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে দৈনিক যাতায়াত আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰীসকলক সেই অনুসৰি নিজৰ ৰুটিন পৰিকল্পনা কৰিবলৈ, আৰু তীব্ৰ বৰষুণৰ সময়ত অপ্ৰয়োজনীয় গতিবিধিৰ পৰা হাত সাৰিবলৈ কয়।

You might also like