নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতৰ্কত ডবকা চৰকাৰী চিকিৎসালয় : জেনেৰেটৰ অপাৰেটৰ ব্যস্ত মাছ ধৰাত

নৱজাতকৰ মৃত্যুক লৈ উত্তেজনা: ডবকা আৰক্ষীয়ে নলয় গোচৰ : অধীক্ষকৰ কাষ চাপিল ভুক্তভোগী

পুনৰ চৰ্চ্চালৈ আহিছে ডবকা সামূহিক চিকিৎসালয়। এই চিকিৎসালয়খনত পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ চিকিৎসাৰ অভাৱত এটি নৱজাতকৰ মৃত্যুক কেন্ত্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ হাফছা বেগম নামৰ এগৰাকী প্ৰসূতীয়ে জন্ম দিছিল এটি নৱজাতক৷ হাফচা বেগমৰ ঘৰ ডবকাৰ হালদীআটীত৷ নিশা ১১ বজাত প্ৰসূতী গৰাকীক ভৰ্তি কৰা হৈছিল ডবকা সামূহিক চিকিৎসালয়ত৷ পূৱতী নিশা তিনি বজাত জন্ম হয় এটি পুত্ৰ সন্তান ৷ জন্মৰ সময়ত নৱজাতকটি সম্পূৰ্ণ সুস্থ থকাৰ দাবী পৰিয়ালৰ৷

কিছু সময় পিছতে প্ৰয়োজন হয় পৰ্যাপ্ত গৰমসেকৰ যদিও সেই সময়ত চিকিৎসালয় খনত বিদ্যুত নাছিল৷ চৰকাৰী জেনেৰেট আছে যদিও অপাৰেটৰো নাছিল চিকিৎসালয় খনত৷ চিকিৎসালয় খনৰ চকিদাৰ আব্দুল ৱাহিদক জেনেৰেটৰ চলাবলৈ শতাধিক বাৰ ফন কৰিও বিফল হয় চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে প্ৰসূতিৰ পৰিয়ালটো ৷

যাৰ ফলত পৰ্যাপ্ত চিকিৎসাৰ অভাৱতে মৃত্যু হয় নৱজাতকটি আৰু তাৰ পিচতেই উত্তেজিত হৈ পৰে পৰিয়ালটো । পুৱাৰ ভাগত জেনেৰেটৰ অপাৰেটৰ জনক নিজৰ কৰ্তব্য ফাকি দি মাছ মাৰি থকা প্ৰতক্ষ্য কৰি উত্তেজিত পৰিয়ালটোৰ একাংশ লোকে চকিদাৰ আব্দুল ৱাহিদক আটক কৰি ডবকা আৰক্ষীক চমজাই দিয়ে৷

পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আৰক্ষীয়ে চকিদাৰ আব্দুল ৱাহিদক আটক কৰি পিচত মুকলি কৰি দিয়ে৷ প্ৰসূতি মাতৃৰ পৰিয়ালটো মৃত নৱজাতকটি কবৰস্থ কৰি দুপৰীয়াৰ ভাগত ডবকা আৰক্ষী থানাৰ পৰিদৰ্শক বিষয়া দিলিপ বনিয়াক গোচৰ দিব বুলি কোৱাত আৰক্ষী বিষয়া গৰাকীয়ে চৰকাৰী অনুষ্ঠানৰ কোনো লোকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিব নোৱাৰে বুলি কৈ ডবকা থানা চৌহদৰ পৰা আতৰি যায়৷

তেতিয়া ভুক্তভোগী পৰিয়ালটো কিংকৰ্তব্যবিমূঢ় হৈ পৰে৷তাৰ পিছত পৰিয়ালটো ডবকা আৰক্ষীৰ পৰা কোনো সহাৰি নোপোৱাত হোজাই আৰক্ষী অধীক্ষকৰ কাষ চাপে আৰু ডবকা আৰক্ষী থানৰ ভাৰপ্রাপ্ত বিষয়া সহ চিকিৎসক নেকিবুৰ ৰহমান,জেনেৰেটৰ পৰিচালক আব্দুল ৱাহিদসহ কেবাজনৰ বিৰুদ্ধে হোজাই আৰক্ষী অধীক্ষকক অভিযোগ দিয়ে ৷ ডবকা সামূহিক চিকিৎসালয়ত প্ৰায়েই নৱজাতকৰ মৃত্যু ঘটাৰ অভিযোগ আছে ৷

নিয়মীয়া বাৰ্তা, হোজাই : Niyomiya Barta Desk, Date of Published – 26-06-2025 

You might also like