ষ্টাফ ৰিপৰ্টাৰ, ১৯ জানুৱাৰী : কোকৰাঝাৰৰ জয়দেৱ কোচৰ বিশেষ আদালতে আজি নাবালিকা নিৰ্যাতনকাৰী দৈমালু মুছাহাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ৰায় ঘোষণা কৰিছে। পকছো আইনৰ ধাৰা ৬ অনুসৰি দৈমালু মুছাহাৰী নামৰ নিৰ্যাতনকাৰীটোৰ বিৰুদ্ধে আদালতে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২০ হাজাৰ টকা জৰিমনা বিহাৰ লগতে জৰিমনা অনাদায়ে ৬ মাহৰ অতিৰিক্ত সাধাৰণ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে । উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ কচুগাঁৱৰ বছগাঁও নিৱাসী দৈমালু মুছাহাৰীয়ে ২০২০ চনৰ ১ জানুৱাৰীৰ নিশা ১১ মান বজাত এগৰাকী নাবালিকাক অপহৰণ কৰিছিল। চৰকাৰী অধিবক্তা মঞ্জিত ঘোষে সদৰী কৰা মতে, নাবালিকাগৰাকীক অপহৰণ কৰি পাষণ্ডটোৱে উক্ত নিশাই নদীৰ পাৰত নি নিৰ্যাতন কৰিছিল । তাৰ পিছত ১ জানুৱাৰীৰ নিশাটো দৈমালু মুছাহাৰীয়ে নাবালিকাগৰাকীক নিজৰ ঘৰত ৰাখি পিছদিনা অৰ্থাৎ ২ জানুৱাৰীৰ দিনা ঘৰলৈ যোৱাৰ আধা ৰাস্তাত এৰি দিয়ে । নাবালিকাগৰাকী পৰিয়ালত উপস্থিত হোৱাৰ পিছতে পৰিয়ালৰ লোকে ২ জানুৱাৰীৰ দিনা কচুগাঁও থানাত এজাহাৰ (নং ০২/২০২০ ) দাখিল কৰে । পকছো গোচৰ হোৱা হেতুকে উক্ত গোচৰটো বিশেষ আদালতৰ বিশেষ গোচৰ নং ৯/২০ মৰ্মে বিচাৰকাৰ্য চলে । উক্ত গোচৰৰ ৰায়দান আজি সম্পন্ন হয় । সেইমৰ্মে আজি কোকৰাঝাৰৰ জয়দেৱ কোচৰ বিশেষ আদালতে দৈমালু মুছাহাৰী নামৰ নিৰ্যাতনকাৰীটোৰ বিৰুদ্ধে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২০ হাজাৰ টকা জৰিমনা বিহে আৰু জৰিমনা অনাদায়ে অতিৰিক্ত ৬ মাহৰ সাধাৰণ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে ।
প্ৰেৰক শুকুৰ আকন্দ