ড০ গীতালি শইকীয়া
যোৱা বছৰৰ অক্টোবৰ মাহৰ কথা, দিল্লীৰ ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ অৱ আর্টছত বিশেষ প্রকল্পৰ বাবে সাক্ষাৎকাৰ এটা দিবলৈ গৈছিলোঁ৷ আবেলি দিল্লীৰ পৰা গুৱাহাটীলৈ ওভতাৰ বাবে ফ্লাইটৰ টিকট কৰা আছিল৷ পূর্বতেই খিৰিকীৰ কাষৰ আসনখন নির্বাচন কৰি লৈছিলোঁ ডাৱৰৰ কাৰুকার্য চোৱাৰ আশাত৷ সময়ত নিজৰ আসনত বহিলোঁগৈ৷ মোৰ বাঁওফালে বহিলহি এগৰাকী যুৱতী৷ মিচিকীয়া হাঁহিৰে দুয়ো দুয়োকে সম্ভাষণ জনালোঁ৷ সপ্রতিভ যুৱতীগৰাকীয়ে মোলৈ সোঁহাতখন আগবঢ়াই দি ক’লে– ‘হাই, আই এম স্মিতা৷’ প্রত্যুত্তৰত ময়ো দিলোঁ নিজৰ চিনাকি৷ মোৰ নামটো শুনি তাইৰ যেন দুচকু জিলিকি উঠিল৷ ‘তুমি অসমীয়া নেকি?’ –‘হয়’ ‘তেনেহ’লে আমি অসমীয়াত কথা পাতোঁ, বহুত দিন অসমীয়াত কথা পতাই নাছিলোঁ জানা?’ ‘কিয় তুমি অসমত নাথাকা নেকি?’ –সুধি পেলালোঁ মই স্মিতাক৷ স্মিতাই ঈষৎ হাঁহিৰে মোলৈ চাই ক’লে– ‘সেইবোৰ বহুত কথা৷ অসম আৰু অসমীয়া ভাষা মোৰ হূদয়ত সদায়েই কঢ়িয়াই ফুৰিছোঁ৷ কিন্তু কিছুমান অসমীয়া মানুহৰ ঠেক মানসিকতাৰ বাবে মই আজি ঘৰ থাকিও অঘৰী হৈছোঁ৷’ স্মিতাৰ কথাবোৰ মোৰ সাঁথৰ যেন লাগিবলৈ ধৰিলে৷ ইতিমধ্যে আমাৰ বিমান উৰিবলৈ আৰম্ভ কৰিছিল৷ কথাৰ মাজতে তাই মোৰ ঘৰৰ বিষয়ে জানিব খুজিলে৷ মোৰ পৰিয়ালটোৰ কথা কোনোবাই সুধিলে ভাল লাগে, উৎসাহেৰে স্মিতাক মই ঘৰৰ সকলোৰে কথা ক’লোঁ৷ মোৰ কথা মনোযোগেৰে শুনি থকা স্মিতাই মোক আচৰিত কৰি ক’লে যে তাইৰ পৰিয়ালৰ প্রতিজন সদস্য তাইৰ শত্রু৷ গতিকে তাইৰ মোলৈ বোলে যৎকিঞ্চিত ঈর্ষা হৈছে৷ স্মিতাৰ কথাবোৰৰ আগ–গুৰি বুজা নাছিলোঁ, অথচ কিবা এটা সংকোচে কথাবোৰ খোলাকৈ কোৱা বুলি ক’বলৈও মোক বাধা দিছিল৷ কাৰো ব্যক্তিগত কথাত অহেতুক কৌতূহল মই নেদেখুৱাওঁ, আৰু স্মিতাৰ লগত চিনাকি হোৱাও মাত্র আধা ঘণ্টামান সময়হে হৈছে৷ কিন্তু স্মিতাই পুনৰ আৰম্ভ কৰিলে কথা৷ আচলতে মনে মনে ময়ো তাকে বিচাৰিছিলোঁ৷ স্মিতাই হেণ্ডবেগৰ পৰা সৰু পুস্তিকা এখন উলিয়াই মোৰ হাতত দিলে–India HIV Aids Alliance নামৰ দিল্লীস্থ সংস্থাটোৰ পুস্তিকা৷ এই সংস্থাটোৰ বিষয়ে মই পূর্বতে পঢ়িছোঁ৷ মাৰাত্মক এইড্ছ ৰোগ সম্পর্কে সজাগতা সৃষ্টিৰ লগতে এইড্ছ ৰোগীৰ বাবে কাম কৰে সংস্থাটোৱে৷ স্মিতা সেই সংস্থাটোৰ কর্মী বুলি জানি তাইক শুভেচ্ছা জনালোঁ৷ পিছে, এই সংস্থাটোত তাই জডিত হোৱাৰ আঁৰত আছে স্মিতাৰ জীৱনৰ এক দুঃখজনক ঘটনা৷ স্মিতাই মোৰ কপালৰ সেন্দূৰখিনিলৈ আঙুলিয়াই ক’লে– জানা গীতালি, এদিন মোৰো বিয়া হৈছিল৷ দৰা মা–দেউতাই ঠিক কৰি দিছিল৷ কিন্তু বিয়াখন নিটিকিল৷ অৱশ্যে এতিয়া মই মুক্ত, নিজৰ মতে খাইছোঁ, আছোঁ৷ কিন্তু সংসাৰৰ বান্ধোনত বহু ৰঙীন সপোন লৈ আবদ্ধ হৈছিলোঁ৷ কথা কৈ থাকোঁতে কোনোবা এটা মুহূর্তত স্মিতাই মোৰ হাতখন নিজৰ হাতত তুলি লৈছিল৷ দুয়োৰে মাজত কেইটামান মুহূর্ততে যেন আত্মীয়তাই পোখা মেলিছিল৷ তাৰ পিছত কি হ’ল স্মিতা –মই সুধিলোঁ৷ স্মিতাই কৈ গ’ল– ‘মোৰ বিয়া এজন সুশিক্ষিত সম্ভ্রান্ত ঘৰৰ যুৱকৰ লগতে হৈছিল৷ ল’ৰাৰ মাকে মোৰ মাহীক বিয়াৰ প্রস্তাৱ দিছিল৷ বেংগালুৰুত পঢ়ি অহা ল’ৰাজনৰ লগত কথা পাতি মোৰো বেয়া লগা নাছিল৷ স্মার্ট, যুগৰ লগত খাপ খোৱা ধ্যান–ধাৰণাৰ যুৱক বুলি বিয়াত মত দিছিলোঁ৷ অৱশ্যে মই বিয়াৰ সিদ্ধান্ত ল’বলৈ বিশেষ সময়ো নাপালোঁ৷ দৰাৰ মাকে মাহঁতক ক’লে বিয়াখন সোনকালে হৈ যাব লাগে৷ ছোৱালীৰ লগত একো দিব নালাগে, মাত্র বিয়াৰ বাবে চোতালখন দিব লাগে৷ তাৰ পিছত দেউতা–মা বিয়াৰ প্রস্তুতিত ব্যস্ত হ’ল৷ ঢ়োলে–দগৰে দৰা সাজি আহি মোক লৈ গ’ল মাত্র কেইদিনমানৰ চিনাকি যুৱকজনে৷ তেওঁৰ প্রতি প্রেম–শ্রদ্ধা–নুৰাগে মই ভৰুণ হৈছিলোঁ৷ মই সুখী হ’ম বুলি আশা কৰিছিলোঁ৷ কিন্তু মোৰ পৃথিৱীখন সেই বিয়াখনে ভয়ানকভাৱে সলনি কৰি দিলে৷’ স্মিতাৰ মুখলৈ অবাক হৈ চাই ৰ’লোঁ, আচৰিত হ’লোঁ ভাবি যে ইমান কম সময়ৰ চিনাকি এগৰাকী মানুহৰ আগত কোনোবাই ইমান গোপন যেন লগা কথাবোৰ কিয় ক’ব খুজিছে৷ মই নীৰৱ হৈ শুনিবলৈ ৰৈ থাকিলোঁ৷ স্মিতাই আৰু কি ক’ব বুলি৷ স্মিতাই ক’লে– ‘মোৰ এই কথাবোৰ বহু মানুহকে মই কৈছোঁ৷ কথাবোৰ গোপন বুলি তুমি অস্বস্তিত নুভুগিবা দেই৷ বিয়াৰ পিছৰ প্রথম নিশা তেওঁলৈ অপেক্ষা কৰি আছিলোঁ৷ নতুন জীৱনৰ পৰিকল্পনাবোৰ তেওঁৰ সৈতে আলোচনা কৰাৰ কথা ভাবিছিলোঁ৷ তেওঁ আহিছিল, কিন্তু মোক আচৰিত কৰি কোঠালৈ সোমায়েই তেওঁ মোৰ ভৰিত ধৰি কান্দিবলৈ ধৰিলে৷ এনে অনাকাংক্ষিত পৰিস্থিতিত কি কৰা উচিত সেয়া মই নির্ণয় কৰিব পৰা নাছিলোঁ৷ ময়ো তেওঁৰ কাষত মজিয়াতে বহি পৰিলোঁ৷ মোৰ লগত বোলে তেওঁ ঘোৰ অন্যায় কৰিছে৷ তেওঁ মোৰ লগত সংসাৰ কৰিব নোৱাৰে৷ তেওঁৰ কথাবোৰ শুনি মই থৰ্থৰ্কৈ কঁপিছিলোঁ৷ তেওঁ মোক ক’লে যে এই বিয়াখনত তেওঁৰ সন্মতি আছিল যদিও বিয়াখন হৈ যোৱাৰ মুহূর্তৰে পৰা তেওঁ অনুতাপত দহিছে৷ তেওঁ বোলে এজন এইডছ্ ৰোগী৷ তেওঁৰ শিক্ষিত পিতৃ–মাতৃয়ে সকলো কথা জানিও তেওঁৰ বিবাহৰ আয়োজন কৰিছিল৷ গতিকে সকলো কথা জনাৰ পিছত মই যি সিদ্ধান্ত লওঁ সেয়া তেওঁ মানি ল’ব৷ মই বোলে বৰ ভাল ছোৱালী বুলি তেওঁ গম পাইছে আৰু নিজৰ ভুলৰ শাস্তি মোক দিব নোখোজে৷’ কথাবোৰ কৈ স্মিতাই ফোঁপাইছিল৷ ধুনীয়া স্মিতাজনীলৈ যেন মোৰ মায়া বাঢ়ি গৈছিল৷ হাতৰ ঘডীটোলৈ চাই তাই কৈছিল– অহ্, তোমাৰ লগত আৰু বেছি সময় কটাবলৈ নাপামেই৷ মোৰ কাহিনীও শেষ হ’বৰ হৈছেই৷ তেওঁৰ ৰোগৰ বিষয়ে জনাৰ পিছত মই নিজকে পৃথিৱীৰ পৰা বিচ্ছিন্ন যেন অনুভৱ কৰিছিলোঁ৷ ভাবিছিলোঁ তেতিয়াই ঘৰৰ মানুহক ফোন কৰি মোৰ বিপর্যয়ৰ কথা জনাওঁ৷ কিন্তু পিছ মুহূর্ততে নিজক চম্ভালি লৈছিলোঁ৷ উজাগৰে নিশাটো কটাই পিছদিনা পুৱাতেই মই যাৱতীয় বস্তু কেইটামান লৈ ঘৰলৈ উভতিলোঁ৷ দৰা অথবা দৰাৰ মাক–দেউতাকলৈ প্রচণ্ড ঘৃণাৰে মন–মগজু ভৰি পৰিছিল৷ কি হৈছিল নাজানো, কিন্তু তেওঁলোকক কোনো প্রশ্ণ নকৰাকৈ মই ঘৰলৈ ঘূৰি আহিছিলোঁ৷ আমাৰ ঘৰত বিয়ালৈ অহা আলহী আছিলেই৷ মা–দেউতা তেতিয়া শোৱাৰ পৰা উঠিছিলহে৷ মই ঘৰ গৈ পোৱাৰ লগে লগে হুৱাদুৱা লাগিল৷ কথাবোৰ সকলোকে জনোৱাৰ পিছত মোৰ প্রতি সহমর্মিতা প্রদর্শন কৰাৰ পৰিৱর্তে মায়ে মোক উভতি যাবলৈহে পৰামর্শ দিলে৷ বিয়াৰ ৰভা নাভাঙোতে ঘৰলৈ ঘূৰি আহি মই বোলে সকলোৰে মান–সন্মান নোহোৱা কৰিলোঁ৷ মোক যেন মোৰ মা–দেউতাই হত্যাহে কৰিলে৷ মই সেইখন ঘৰলৈ নোযোৱাৰ প্রতিজ্ঞাৰে সেইদিনাই এটা হোষ্টেললৈ গ’লোঁগৈ৷ সৰুকৈ হ’লেও এটা চৰকাৰী চাকৰি কৰি থকাৰ বাবেই মই সেই সাহস কৰিব পাৰিলোঁ৷ কিন্তু তাতে মোৰ দুর্দিনৰ অন্ত পৰা নাছিল৷ ওচৰ–চুবুৰীয়া সকলোৱেই মই কিয় উভতি আহিলো তাকে সুধি মোক অহৰহ যন্ত্রণা দিবলৈ আৰম্ভ কৰিছিল৷ মই মাথোঁ চকুপানী টুকিছিলোঁ৷ অৱশেষত ইণ্টাৰনেটত এই সংস্থাটোৰ বিষয়ে জানিব পাৰি মই দিল্লীলৈ গুচি যোৱাৰ সিদ্ধান্ত ল’লোঁ৷ মাহঁতৰ লগত মই সকলো সম্পর্ক ছিঙি পেলালোঁ৷ কাৰণ তেওঁলোকে মোক সকলো সময়তে কেৱল মানসিক যন্ত্রণাহে দিছিল৷ তেওঁলোকে কোনোদিনে বুজিবলৈ চেষ্টা নকৰিলে যে তেওঁলোকৰ অসাৱধানতাৰ বাবেই মোৰ জীৱনটো দুখেৰে ভৰি পৰিল৷ আজি মই সুখী৷ নিজৰ মতে চলিছোঁ আৰু আনৰ বাবে কাম কৰিছোঁ৷ মোৰ কাহিনীটো তুমি কেতিয়াবা লিখিবাচোন৷ তোমাক লগ পাই বৰ ভাল লাগিল৷’
হয়, স্মিতাক লগ পাই মোৰো বৰ ভাল লাগিছিল৷ মাত্র ডেৰ ঘণ্টাৰ এটা যাত্রাত তাই নিজৰ জীৱনৰ বহু কথাই মোক কৈ গ’ল৷ আচলতে স্মিতাই মোক এই কথাবোৰ কোৱাৰ অন্তৰালত আছিল এক মহৎ উদ্দেশ্য৷ আমাৰ সমাজত এতিয়াও বহু অভিভাৱকে নিজৰ সন্তানৰ বিবাহৰ ক্ষেত্রত ধন সম্পত্তি, চেহেৰা আৰু চাকৰি আদিকহে গুৰুত্ব দিয়ে৷ কিন্তু আধুনিক সমাজৰ কিছুমান মানুহে এনেদৰে নিজৰ নৈতিকতা বিসর্জন দিছে যে তেওঁলোকে নিজৰ লগতে আন বহুতৰে জীৱন ধ্বংস কৰিছে৷ স্মিতাৰ মাক–দেউতাকে তাইক এজন আর্থিকভাৱে সচ্ছল যুৱকৰ সৈতে বিয়া দিবলৈ গৈ আন বহু কথাই আওকাণ কৰিলে৷ আচলতে বিবাহৰ দৰে সম্পর্ক এটা বর্তমান সময়ত কেৱল এনেবোৰ কথাক প্রাধান্য দিয়েই গঢ় দিয়া উচিত নহয়৷ স্মিতাই মোক কৈছিল– সিহঁতি বোলে নিজৰ সংস্থাটোৰ জৰিয়তে সজাগতা সৃষ্টি কৰিছে যাতে দুই যুৱক–যুৱতীয়ে বিবাহৰ পূর্বে নিজৰ শাৰীৰিক পৰীক্ষাও কৰাই লয়৷ আমাৰ সমাজত এই কথাবোৰ গ্রহণযোগ্য নহয় বুলিয়ে বহুতে ইচ্ছা থাকিলেও জটিলতাত সোমাব নোখোজে৷ কিন্তু আনৰ কথা ভাবি নিজৰ জীৱনলৈ অথবা সন্তানৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনাতকৈ স্মিতাহঁতে কোৱাৰ দৰে শাৰীৰিক পৰীক্ষা কৰোৱাটো নিশ্চয় অতি আদৰণীয় কথা৷ অৱশ্যে অনাকাংক্ষিতভাৱে এই ৰোগত আক্রান্ত লোকসকলক হীন চকুৰে চোৱা মানুহো আমাৰ সমাজত যথেষ্ট আছে৷ প্রতি বছৰেই বিশ্বৰ ভিন্ন প্রান্তত নাৰী দিৱস উদ্যাপন কৰা হয়৷ কিন্তু আজিও নাৰীৰ ইচ্ছা–নিচ্ছাক গুৰুত্ব দিবলৈ বহুতেই কৃপণালি কৰা দেখা যায়৷ বিশ্বৰ ভিন্ন প্রান্তত উদযাপন কৰা হয় এইড্ছ দিৱসো৷ তৎসত্ত্বেও বৃদ্ধি পাইছে এইড্ছ ৰোগীৰ সংখ্যা৷ সেয়েহে সমাজৰ প্রত্যেকজন ব্যক্তিয়েই নিজে সচেতন হোৱাৰ প্রয়োজন৷ কাৰণ স্মিতাৰ দৰে হয়তো আন বহু যুৱক–যুৱতী কাৰোবাৰ প্রতাৰণাৰ বলি হৈ আছে৷ কোনে জানে আপোনাৰ সচেতনতাৰ অভাৱত আপোনাৰ কোনোবা অতি আপোনজনো প্রতাৰিত হ’ব পাৰে৷
ফোন : ৯৩৬৫৪–৮৫৪২২