নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুহাতত জেতুকা বোলাই ঢকুৱাখনাত সাজু ৰাংঢালী নাচনী

নিয়মীয়া বাৰ্তা,  ১১ এপ্ৰিল : প্ৰকৃতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ঋতু পৰিৱৰ্তনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং৷ শীতে লঠঙা কৰা গছ-লতিকা বসন্তৰ আগমনৰ লগে লগে সেউজীয়া হৈ উঠিছে৷ ইয়াৰ লগে লগে বিহুবলিয়া অসমীয়াও সাজু হৈছে সেউজ বসন্তক আদৰণি জনাবলৈ।বাসন্তী মলয়াই ৰং সানি যোৱাৰ পাছতে অসমীয়াই আৰম্ভ কৰিছে ব’হাগ বিহুৰ প্ৰস্তুতি। কুলিৰ মাতে, কপৌফুলে বিলাইছে ব’হাগ অহাৰ বাতৰি । শিপিনীয়ে মৰমৰ বাণিৰে চেনেহৰ দীঘেৰে চেনাইলৈ বৈছে আঁচু সূতাৰ বিহুৱান। বৰফুলৰ গামোচাখনৰ বাবে ঘনাই ঘূৰিছে মাকোঁ। লোকসভা নিৰ্বাচনৰ গৰম বতাহৰ মাজতে ঢোলৰ গুমগুমনিৰে মুখৰিত ৰাজ্য। চৌদিশে এতিয়া ঢোল-পেঁপাৰ অমিয়া লহৰ। ৰাজ্যৰ চৌদিশে চলিছে চেনেহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি। ঢকুৱাখনাতো ব্যস্ত ঢুলীয়া-নাচনী। হেঁপাহৰ ৰঙালী। বিহুৰ আখৰাত ৰাজ্যত উখল-মাখল পৰিৱেশ। হেঁপাহৰ ৰঙালীৰ বাবে গাঁৱে গাঁৱে এতিয়া জলপানৰ প্ৰস্তুতিত ঢেঁকীৰ চাবত কঁপিছে চুবুৰি। সমান্তৰালভাৱে ককা-দেউতাহঁতকো দেখা গৈছে তৰা জৰীৰে পঘা প্ৰস্তুত কৰাত। গাঁৱৰ যুৱতীসকলো এতিয়া ব্যস্ত হৈ পৰিছে বাৰী ঢাপৰ জেতুকাজোপাৰ পৰা পাত ছিঙি আনি হাতত জেতুকা বোলাই বিহুৰ আখৰাত মতলীয়া হোৱাত। জেতুকা ৰং কৰা প্ৰসাধন সামগ্ৰী আৰু ঔষধ হিচাপে হাজাৰ বছৰৰ আগৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে।

জেতুকা অসমীয়া লোক-সংস্কৃতি আৰু পৰম্পৰাৰ এটা উল্লেখযোগ্য অংগ। বিহু গীততো পোৱা যায়- “জেতুকাৰ বোলেৰে দুয়োহাত বুলালোঁ, ছিঙিলো কপৌৰে পাহি…।” অসমীয়া জীয়ৰী-বোৱাৰীসকলে বিহুৰ পূৰ্বে হাতত জেতুকা লোৱাৰ পৰম্পৰা আছে। সেই পৰম্পৰাকে অক্ষুণ্ণ ৰাখি ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত যুৱতীসকলক দেখা গ’ল একত্ৰিত হৈ জেতুকাৰ বোল লোৱাত। অসমৰ লোক-সংস্কৃতিৰ প্রতীক, ৰঙালী বিহুত অতীজৰে পৰা জেতুকা ব্যৱহাৰ কৰি অহা পৰম্পৰা ৰক্ষা কৰি ঢকুৱাখনাৰ গাঁৱৰ যুৱতীসকলে দুহাতত জেতুকা বোলাই বিহুত এপাক নচাৰ পৰিকল্পনাৰে একলগ হৈ বাৰীৰ কাষৰ জেতুকাজোপাৰ পৰা গোটাইছে জেতুকা । শিলৰ পটাত পিহি বিহুনাম গাই গাই সেই জেতুকাৰে শুৱনি কৰিছে দুহাত। বিহুৰ আয়োজনৰ লগতে ঘৰুৱা কাম-কাজ সামৰি এনেদৰেই সমনীয়াৰ সৈতে আনন্দ মনেৰে গাঁৱৰ জীয়াৰীসকল ব্যস্ত হৈ পৰিছে দুহাতত জেতুকাৰ ৰং বোলাবলৈ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like