শিৱসাগৰৰ উদীয়মান নৃত্যশিল্পী অধ্যাপ্ৰিয়া দত্তক বিপুল সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ অঞ্চলৰ বৃহত্তৰ দিছিয়াল গাঁৱৰ মিলন জ্যোতি ক্লাবে প্ৰতিভা সন্ধানী ন্যাসৰ দ্বাৰা বহু বিশিষ্ট ব্যক্তিৰ সোঁৱৰণীত শৈক্ষিক দিশত ভাল ফলাফল দেখুওৱা কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। গত বছৰৰ দৰে এই বাৰো ৬৮তম গৌৰীসাগৰ বৃহত্তৰ দিছিয়াল গাঁৱৰ শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱৰ মঞ্চত অনুষ্ঠিত হোৱা সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এইবাৰৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰ সহ সফলতাৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা উদীয়মান নৃত্য শিল্পী অধ্যাপ্ৰিয়া দত্তক বিশিষ্ট নাট্য শিল্পী নাৰায়ণ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰে । প্ৰশস্তি পত্ৰ , মানপত্ৰ, ফ্ৰেমত উপলব্ধ এটা বাঁহী আৰু এখনি গ্ৰন্থ সহ বিপুল ভাৱে সম্বৰ্ধনা জনায়। দিছিয়াল গাঁৱৰ অধ্যাপ্ৰিয়া দত্ত শিক্ষক ত্ৰৈলোক্য দত্ত আৰু সংগীতা দত্তৰ কন্যা। শিৱসাগৰ চহৰৰ মেলাচকৰ যুগমায়া পথৰ বাসিন্দা অধ্যাপ্ৰিয়া দত্ত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সত্ৰীয়া নৃত্যত ৰাষ্ট্ৰীয় জলপানী প্ৰাপক অধ্যাপ্ৰিয়া সত্ৰীয়া আৰু কথক নৃত্যত বিশাৰদ। ২০২০ চনত ভাৰত চৰকাৰৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰা “কলা উৎসৱ “ত সমগ্ৰ ভাৰত বৰ্ষৰ ভিতৰত ( লোক নৃত্য তথা বিহু নৃত্য প্ৰতিযোগিতাত) তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে ২০১৫ চনত উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা ৰং মহোৎসৱৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত “নৃত্যাশ্ৰী “সন্মান সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। বঁটা প্ৰদান অনুষ্ঠানৰ উদ্বোধনী ভাষন প্ৰদান কৰে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° মনোৰঞ্জন নেওগে। তদুপৰি শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভাৰ সম্পাদক ত্ৰৈলোক্য দত্ত, বিশিষ্ট সাংস্কৃতিক কৰ্মী দেৱেন নেওগ, লুলু নেওগ, ৰাস পৰিচালনা সমিতিৰ সভাপতি পুতুকণ দত্ত, দিছিয়াল গাঁৱৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তৰুন গগৈ, সাধাৰন সম্পাদক উৎপল ভৰালী, উন্নয়ন সমিতিৰ সভাপতি বীৰেন ভৰালী , সাধাৰণ সম্পাদক শৰৎ দত্ত, সূৰ্য ভৰালী , ডাঃ ৰঞ্জন নেওগ , ৰজত দত্ত, ত্ৰিদীপ নেওগ , মিলন জ্যোতি ক্লাবৰ সভাপতি বিকাশ ভৰালী, ক্লাবৰ প্ৰাক্তন সম্পাদক চিত্তৰঞ্জন নেওগ ,অৱসৰ প্ৰাপ্ত শিক্ষক পৰেশ শইকীয়া, লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানটো আঁত ধৰে মিলন জ্যোতি ক্লাবৰ সাধাৰণ সম্পাদক ৰাম মাধৱ শইকীয়াই।