আজি উচ্চ ন্যায়ালয়ত ডেনিয়েল তপ্ন’ হত্যা গোচৰৰ পুনৰ শুনানি
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ গহপুৰৰ আটছা নেতা ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ গোচৰে নতুন পাক লৈছে৷ উচ্চ ন্যায়ালয়ৰ মজিয়াত এই গোচৰৰ পুনৰ শুনানি আজি গ্রহণ কৰা হ’ব আৰু খণ্ড বিচাৰপীঠে গ্রহণ কৰিব এই শুনানি৷ উল্লেখ্য যে দীর্ঘদিন ধৰি গোচৰটোৰ শুনানি গ্রহণ হোৱা নাছিল৷ উচ্চতম ন্যায়ালয়ৰ অপৰাধী ৰাজনীতিক সম্পর্কীয় নির্দেশৰ পিছত পুনৰ চর্চালৈ আহিছে ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ গোচৰ৷ ২০০০ চনৰ ২৭ ছেপ্ঢেম্বৰত নৃশংসভাৱে হত্যা কৰা হৈছিল ডেনিয়েল তপ্নক৷ গহপুৰৰ প্রতিবাদী সত্তা আছিল ডেনিয়েল তপ্ন৷ ১৯৯৬ চনৰ বিধানসভা নির্বাচনত গহপুৰত তৃতীয় স্থানত আছিল তপ্ন৷ গহপুৰ থানাত তেতিয়াই ৰুজু হৈছিল ১৮৩/২০০০ নম্বৰত এটা গোচৰ৷ পুলিচ, চিআইডি, চিবিআইৰ তদন্তৰ দীঘলীয়া পৰিক্রমাৰ পিছতো আটছাৰ প্রাক্তন নেতাগৰাকীৰ হত্যাকাৰী ৰহস্যজনকভাৱে আজিও ধৰা নপৰিল৷ ডেনিয়েলৰ ভাতৃ সন্তোষ তপ্নই ২০০০ চনৰ ডিচেম্বৰ মাহতে হত্যাকাণ্ডৰ চিবিআই তদন্ত দাবী কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰীট আবেদন দাখিল কৰিছিল৷ ডেনিয়েলৰ পৰিয়ালৰ আবেদনৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০০৫ চনত গোচৰটো চিবিআইক অর্পণ কৰিবলৈ নির্দেশ দিছিল অসম চৰকাৰক৷ এই গোচৰ সংক্রান্ততে ২০০৮ চনৰ ৩ জুনত ৰিপুণ বৰা নতুন দিল্লীত গ্রেপ্তাৰ হৈছিল৷
চিবিআইৰ তদন্তকাৰী বিষয়াক ঘোচ দিয়াৰ অভিযোগত তিহাৰ জেলত সোমাইছিল তেতিয়াৰ মন্ত্রী ৰিপুণ বৰা৷ পিছত তেওঁৰ বিৰুদ্ধে কোনো উপযুক্ত তথ্য–প্রমাণ চিবিআয়ে দিব নোৱৰা বাবে ঘোচ দিয়াৰ গোচৰত ক্লীনশ্বীট পাইছিল ৰিপুণ বৰাই৷ পিছলৈ চিবিআইৰ তদন্তকাৰী বিষয়া এ বি গুপ্তাৰো মৃত্যু হৈছিল৷ ডেনিয়েল তপ্নৰ হত্যাৰ প্রধান গোচৰটোত চিবিআই নিম্ন আদালতত হাজিৰ নোহোৱাত খাৰিজ কৰিছিল গোচৰটো৷ কিন্তু চিবিআয়ে ২০১৪ চনত কেন্দ্রত বিজেপি চৰকাৰ অহাৰ পিছত উচ্চ ন্যায়ালয়ত গোচৰটো চলাই যাবলৈ ৰীট আবেদন দাখিল কৰিছিল৷ উচ্চতম ন্যায়ালয়ৰ অপৰাধী ৰাজনীতিক সম্পর্কীয় নির্দেশৰ পিছত পুনৰ চর্চালৈ আহিছে ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ গোচৰ৷ তাৰ পূর্বে কামৰূপ সত্র ন্যায়িক আদালতত চিবিআয়ে গোচৰটো পুনৰ চলাবলৈ কৰা আবেদন আদালতে খাৰিজ কৰিছিল৷ কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটো চলাই যাবলৈ চিবিআয়ে কৰা আবেদন গ্রহণ কৰিছিল উচ্চ ন্যায়ালয়ে৷ অৱশ্যে তেতিয়াৰ পৰা কোনো শুনানি হোৱা নাছিল৷ এই সন্দর্ভত ডেনিয়েলৰ কনিষ্ঠ ভাতৃয়ে কয়– ‘আমাৰ পৰিয়ালটো উক্ত ঘটনা ঘটাৰে পৰা বহুত দুখত আছোঁ৷ আমাৰ ঘটনাটোৰ বিষয়ে প্রথমে গহপুৰ থানাত এজাহাৰ দিয়া হৈছিল৷ আমি ন্যায় নাপাওঁ বুলি ভাবি চি আই ডি তদন্তৰ বাবে দিয়া হৈছিল তথাপি আজি ২০ বছৰে ন্যায় নাপালোঁ৷ দুখৰ বিষয় চি বি আয়ে আজি কেছটো তদন্ত কৰিব পৰা নাই আৰু দোষীক শাস্তি দিবলৈ সক্ষম হোৱা নাই৷ আমি যিটো টিভিত দেখিছোঁ, তাৰ পৰা ক’ব পাৰোঁ যে কংগ্রেছৰ সভাপতি ৰিপুণ বৰা ঘটনাৰ লগত জডিত আছে৷ জডিত নাথাকিলে উৎকোচ দিবলৈ গৈ চি বি আইৰ হাতত ধৰা নপৰিলেহেঁতেন৷ এইটো ৰহস্যজনক কথা যে চি বি আইৰ হাতত হাতে–লোটে ধৰা পৰা সত্ত্বেও ৰিপুণ বৰা সাৰি গ’ল৷’
আনহাতে, আদিবাসী ছাত্র সন্থাৰ গহপুৰ আঞ্চলিক সমিতিৰ সভাপতি অমৃত মুণ্ডাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে ডেনিয়েল তপ্নৰ হত্যাকাণ্ডৰ ২০ বছৰ হ’ল আৰু উচ্চতম ন্যায়ালয়ে যি সিদ্ধান্ত লৈছে, তাত আমি আশা কৰোঁ এটা সুফল নিশ্চয় পাম৷ আৰু যিয়েই দোষী নহওক, আমি সকলোৱে বিচাৰো হত্যাকাৰীয়ে উচিত শাস্তি পাব লাগে৷
আনহাতে, আদিবাসী ছাত্র সন্থাৰ গহপুৰ আঞ্চলিকৰ সম্পাদক প্রবীণ ওৰাঙে কয় যে ইতিমধ্যে আমি ২৭ ছেপ্ঢেম্বৰত ডেনিয়েল তপ্নৰ মৃত্যু দিৱস পাতিছোঁ৷ প্রত্যেক বছৰে আশা কৰোঁ যাতে সোনকালে দোষীক চিনাক্ত কৰে আৰু আমাৰ সমাজত থকা এনে জাতিদ্রোহীসকলৰ মুখাখন খুলি দিয়ে৷