নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ : সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ ওদালগুৰিত সম্প্ৰতিও অব্যাহত আছে তীব্ৰ অসন্তুষ্টি। ভেৰগাঁৱত বি পি এফৰ কাৰ্যালয় চৌহদত সংবাদ মেল সম্বোধন কৰি ওদালগুৰি লোকসভা সমষ্টি দাবী সমিতিয়ে বিষয়টোক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। ষষ্ঠ অনুসূচীৰ নীতি ভংগ কৰি ষষ্ঠ অনুসূচীৰ এলেকাৰ বাহিৰৰ সমষ্টি বা এলেকা সাঙুৰি দৰং-ওদালগুৰি লোক সভা সমষ্টি গঠন কৰাটো এক অসাংবিধানিক আৰু নীতি বহিৰ্ভুত সিদ্ধান্ত বুলি মন্তব্য কৰি দাবী সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ দৈমাৰীয়ে কয় যে কেৱল ষষ্ঠ অনুসূচীৰ এলেকাক লৈ ওদালগুৰি লোক সভা সমষ্টি গঠনৰ দাবী বি টি চিৰ জনসাধাৰণৰ এক ন্যায্য দাবী। এই সকলো কথা বিবৰি ভাৰতৰ নিৰ্বাচনী আয়োগৰ ওচৰত ওদালগুৰি লোকসভা সমষ্টি গঠনৰ দাবী জনোৱাৰ পিছতো নিৰ্বাচনী আয়োগে বিষয়টো গুৰুত্ব নিদি ১১ আগষ্টত সমষ্টি পুনৰ গঠনৰ চূড়ান্ত তালিকা প্ৰকাশ কৰি বি টি চিৰ জনসাধাৰণক অন্যায় কৰিলে- তেওঁ কয় । এই অন্যায়ৰ বিৰুদ্ধে দাবী সমিতিয়ে যোৱা ১৬ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ বাধ্য হোৱা বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত থাকিব বুলিও হুংকাৰ দিয়ে দাবী সমিতিৰ নেতৃবৃন্দই। সংবাদ মেলত দাবী সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ দৈমাৰীৰ সৈতে দাবী সমিতিৰ সাধাৰণ সম্পাদক তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰী, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ, গণেশ কছাৰী, মহেশ্বৰ বসুমতাৰী, প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়ো আৰু দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে ।
প্ৰেৰক ধীৰেন মহলীয়া