বহি:ৰাজ্যৰ পৰা অহা শিশুসহ ছজন লোকক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা
দৰঙত ন হাজাৰ লোকে আবেদন কৰিছে ঘুৰি আহিবলৈ
নিয়মীয়া বাৰ্তা ১৪ মেঃ বহি:ৰাজ্যৰ পৰা ৰেলযোগে আহি আজি পুৱতিনিশা দৰঙত উপস্থিত হয় দুটি শিশুসহ ছজন লোক। দৰঙত উপস্থিত হোৱাৰ পিছতে আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ আনি লোককেইগৰাকীক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰা হৈছে।ইয়াৰে দুটি শিশু আৰু তিনিগৰাকী মহিলা যাত্ৰীক জনৰামচৌকা আদৰ্শ চিকিৎসালয়ত আছুতীয়াকৈ ৰখাৰ বিপৰীতে এগৰাকী পুৰুষ যাত্ৰীক ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত আছুতীয়াকৈ ৰখা হৈছে। উল্লেখ্য যে, এই আটাইকেইজন লোক শিলিগুৰিৰ পৰা ৰেলযোগে আহি দৰঙত উপস্থিত হৈছিল। বহি:ৰাজ্যৰ পৰা অহা প্ৰতিগৰাকী লোকক আছুতীয়াকৈ ৰখা হ’ব বুলি জানিবলৈ দি দৰং জিলা স্বাস্থ্য বিভাগে ইয়াকে লৈ জনসাধাৰণক শংকিত নহ’বলৈ আহ্বান জনাইছে । কিয়নো তেওঁলোকক প্ৰয়োজন সাপেক্ষে যাৱতীয় পৰীক্ষা-নিৰীক্ষা কৰি প্ৰকৃত তথ্য লাভ কৰাৰ বাবেহে এনেদৰে আছুতীয়াকৈ ৰখা হৈছে।
ইফালে কালি পৰ্যন্ত জিলাখনৰ পৰা ৫৫৮ টা শ্লেষৰ নমুনা ক’ভিড-১৯ ৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে ৩৩৩ টা নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে আৰু কোনোটো নমুনাতেই কভিড-১৯ ৰ উপস্থিতি ধৰা পৰা নাই। উল্লেখযোগ্য যে, ক’ভিড-১৯ ৰ সন্দেহত ব্যক্তিক আছুতীয়াকৈ ৰখাৰ বাবে জিলাখনৰ ৮ খন চিকিৎসালয়ত ইতিমধ্যে ৬৪ খন বিচনা সাজু কৰি ৰখা হৈছে। জিলাখনৰ বিভিন্ন ঠাইলৈ আহিবলগীয়া লোকৰ প্ৰতি লক্ষ্য ৰাখি বাজনাপথাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ৫ খন, খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত ৪ খন, পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৭ খন, কুঁৱৰীপুখুৰী আদৰ্শ চিকিৎসালয়ত ১০ খন, দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ১০ খন, দুনী আদৰ্শ চিকিৎসালয়ত ১০ খন ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ১০ খন আৰু জনৰামচৌকা আদৰ্শ চিকিৎসালয়ত ৮ খন বিচনা সাজু কৰি ৰখা হৈছে। আনহাতে, প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পৰাকৈ জিলাখনৰ ৫ খন শিক্ষানুষ্ঠান জিলা প্ৰশাসনে চিনাক্ত কৰি ৰাখিছে। শিক্ষানুষ্ঠান কেইখন হ’ল- খাৰুপেটীয়া মহাবিদ্যালয়, মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছিপাঝাৰ মহাবিদ্যালয় আৰু বেচিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই পৰ্যন্ত প্ৰায় ৯ হাজাৰ লোকে জিলাখনলৈ ঘূৰি আহিবলৈ আবেদন কৰিছে।