নিয়মীয়া বাৰ্তা ২৫ জুলাইঃদৰঙত দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । জিলা স্বাস্থ্য বিভাগে শনিবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে শুকুৰবাৰৰ দিনটোত জিলাখনত ১৪ জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত শনিবাৰে দিনৰভাগত ৫৫ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড- ১৯ ৰ উপস্থিতি । লক্ষ্যণীয়ভাৱে ইয়াৰে ২৫ জনেই জিলা কাৰাগাৰৰ কয়দী । এই লোককেইজনক ধৰি দৰঙত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮৬৬ জনলৈ বৃদ্ধি পালে । আনহাতে শুকুৰবাৰ পৰ্যন্ত জিলাখনৰ ২১৯ জন ক’ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে ।