নিয়মীয়া বাৰ্তা৩১ জুলাই: দৰঙত পুণৰ এজন লোকৰ মৃত্যু হৈছে ক’ভিডত । বুধবাৰে খাৰুপেটীয়াৰ স্বপন সাহা নামৰ ৪৫ বছৰীয়া ব্যক্তিগৰাকীৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় । তেওঁ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল । আনহাতে, স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তিৰ মতে বৃহস্পতিবাৰৰ দিনটোত জিলাখনত ১৫৭ জন লোক আক্ৰান্ত হোৱাৰ পিছত শুকুৰবাৰে দিনৰভাগত ৪৯ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড- ১৯ ৰ উপস্থিতি । এই সকলক ধৰি দৰঙত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১২৭২ জনলৈ বৃদ্ধি পালে । ইফালে বৃহস্পতিবাৰ পৰ্যন্ত জিলাখনৰ পৰা ৭৮৭ জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ।