নিয়মীয়া বাৰ্তা ১৩ জুনঃ বহিঃৰাজ্যৰ পৰা আহি লক্ষণবিহীন ক’ৰোনাত আক্রান্ত হোৱা দৰঙৰ ৭৭জনকৈ ৰোগীক মঙলদৈ ক’ভিড চিকিৎসালয়ত চিকিৎসা প্রদান কৰি কম সময়তে ১৪জনক আৰোগ্য কৰি তোলা হৈছে৷ ইয়াৰে প্রথমটো দল দুদিন পূৰ্বে চিকিৎসালয়খনৰ পৰা ৰিলিজ দিয়া হৈছে৷ চিকিৎসকৰ মন্তব্য অনুযায়ী লক্ষণবিহীন ক’ৰোনাক্রান্ত ৰোগীসকলৰ শাৰীৰিক দিশতকৈও মনঃস্তাত্ত্বিক অধিক গুৰুত্ব প্রদান কৰাত সহজ হৈ পৰিছে চিকিৎসা আৰু সুস্থ হোৱাতো ই সহায় কৰিছে৷
লক্ষণীয় যে দৰঙত ২৭ মে’ৰ পৰা আজিৰ দিনটোলৈ লক্ষণবিহীন ক’ৰোনাক্রান্তৰ সংখ্যা প্রায় ৯৯ শতাংশ৷ সততে এনে লক্ষণবিহীন ৰোগীসকলৰ জীৱন যাত্রা সাধাৰণ মানুহৰ দৰে কেৱল ছোৱাব পৰীক্ষাৰ প্রতিবেদনতহে পজিটিভ ওলায়৷ বাকী সুস্থ মানুহ এজনৰ দৰেই হোৱাত চিকিৎসকক এনে ৰোগীয়ে ঘৰলৈ যাবলৈ যথেষ্ট হেঁচা দিয়ে৷ ৰোগীসকলক বুজাব লগা হয়, লক্ষণবিহীন আৰু লক্ষণযুক্তৰ মাজৰ পার্থক্য৷ দুদিন পূর্বে হানিফ আলীয়ে হামিড আলীৰ ডির্চাজ লেটাৰ লৈ ঘৰ পাইছিল৷ কালি দিনৰ ভাগতে হানিফক মঙলদৈ ক’ভিড হাস্পতাললৈ অনা হয়৷ অৱশ্যে হানিফৰ শেহতীয়া ছোৱাব পৰীক্ষাত ফলাফল নিগেটিভ আহিছে আৰু শীঘ্রে ঘৰলৈ যোৱাৰ পথ সুগম হৈছে৷ অর্থাৎ মঙলদৈ ক’ভিড চিকিৎসালয়ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পাইছে৷ পিছে, মঙলদৈ ক’ভিড চিকিৎসালয়ৰ পৰা প্রথম পর্যায়ত আৰোগ্য লাভ কৰা দলটোৰ নামখলাৰ হিমাংশু শর্মা, দলগাঁৱৰ লোকমান হাকিম, চহিদুল আলী আৰু চিকন্দৰ আলীৰ শেহতীয়া ছোৱাব পৰীক্ষাত পজিটিভ ওলোৱাত পুনৰ চিকিৎসালয়লৈ ওভতাই আনিব লগা হৈছে৷