নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্ৰেমৰ বাবে কাছাৰৰ কালাইন ভৈৰৱপুৰত বিহ পান কৰোৱাই বোৱাৰী হত্যা! 

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ মাৰ্চঃ কাছাৰৰ কালাইনত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পত্নীক বিহ পান কৰাই হত্যাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে শাহিন আহমেদ নামৰ এক স্বামীৰ বিৰুদ্ধে। মৃতকৰ পৰিয়ালৰ অভিযোগ, স্বামী শাহিন আহমেদৰ পৰকীয়া প্ৰেমৰ কথা জনাৰ বাবেই নিজ পত্নীক বিহ পান কৰাই হত্যা কৰিছে শাহিনে। অভিযোগ মতে, শাহিন আহমেদৰ আন মহিলাৰ লগত পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছিলে৷ এই কথা তেওৰ পত্নীয়ে জনাৰ পাছত স্বামী স্ত্ৰীৰ মাজত আৰম্ভ হৈছিল কাজিয়া৷ পৰহি নিশা এই কাজিয়াই ভয়ংকৰ ৰূপ লয়। অভিযোগ, স্বামী শাহিন আহমদে পত্নীক বলপূৰ্বক বিহ পান কৰাই কালাইন হাস্পাতালত লৈ যায়। আৰু কালি চিকিৎসাধীন অবস্থাত বোৱাৰীগৰাকীৰ মৃত্যু হয়। মৃতকৰ পৰিয়ালৰ অভিযোগ স্বামীৰ পৰকীয়া প্ৰেমৰ কথা জনাৰ বাবে বোৱাৰী গৰাকীক স্বামী শাহিন আহমদে হত্যা কৰিছে। ইপিনে হত্যাৰ এই অভিযোগ খণ্ডন কৰি স্বামী শাহিনে জনায় যে এয়া হত্যা নহয়৷ তেওৰ পত্নীয়ে বিহ পান কৰি আত্মহত্যা কৰিছে। পৰকীয়া প্ৰেমৰ অভিযোগ ভিত্তিহীন বুলি কয় অভিযুক্ত স্বামী শাহিনে। আনহাতে এই সমগ্ৰ ঘটনা লৈ আৰক্ষীয়ে আৰম্ভ কৰিচে তদন্ত৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত স্বামী শাহিন আহমেদক আটক কৰি সোধপোছ চলাই গৈছে। আৰক্ষীৰ মতে, তদন্তৰ পাছত স্পষ্ট হব ইয়া হত্যা নে আত্মহত্যা।

You might also like