নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৌল : ধুবুৰীত ভাৰত বিকাশ পৰিষদৰ বিশেষ কাৰ্যসূচী. নৃত্যাংগনৰ বসন্ত উৎসৱ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ দৌল উপলক্ষে ভাৰত বিকাশ পৰিষদৰ ধুবুৰী শাখাৰ উদ্যোগত চহৰখনৰ টাউন হোটেল  চৌহদত ফাকুৱা উৎসৱ অনুষ্ঠিত হয়। দৌল উৎসৱক সম্প্ৰীতি আৰু সেৱাৰ এক অনন্য সংমিশ্ৰণৰ ভাবধাৰাৰে ভাৰত বিকাশ পৰিষদৰ এই ফাকুৱা উৎসৱত ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যৰ প্ৰবাহমান ধাৰা প্ৰতিস্ফূটিত হোৱা দেখা যায়। ভাৰত মাতা পূজন আৰু স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত আবিৰেৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত আৰম্ভ হয় পাৰম্পৰিক দৌল উৎসৱ। এই কাৰ্য্যসূচীৰ সমান্তৰালকৈ ফাকুৱা উপলক্ষে ধুবুৰী চহৰত বিভিন্ন সানাজিক-সাংস্কৃতিক সংগঠনৰ উদ্যোগত আয়োজিত হোৱা বৰ্ণাঢ্য শোভাযাত্ৰাত অংশ গ্ৰহণ কৰা লোকসকলৰ বাবে টাউন হোটেলৰ সন্মুখৰ ৰাজপথত অস্থায়ী খোৱা পানীৰ ষ্ট’ল এটাও স্থাপন কৰে সংগঠনটোৱে। উল্লেখ্য যে, অইন বেলিৰ দৰে এইবেলিও দৌল উপলক্ষে নৃত্যাংগন নামৰ স্থানীয় সাংস্কৃতিক সংগঠন এটাৰ উদ্যোগত “বসন্ত উৎসৱ -২০২৫” অনুষ্ঠিত হয়। ধুবুৰীৰ ঐতিহ্যমণ্ডিত কালিবাৰীৰ পৰা আৰম্ভ এক বৰ্ণাঢ্য শোভাযাত্ৰা চহৰখনৰ বৰলুইতৰ পাৰৰ ৰাজীৱ গান্ধী উদ্যানত উপস্থিত হোৱাৰ পিছত আৰম্ভ হয় সেই কাৰ্যসূচীৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like