সোণাৰিত আশাকৰ্মীক প্ৰশংসা উপায়ুক্তৰ
বিশেষ বাৰ্তা, সোণাৰি, ২৯ মার্চ : সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে চৰাইদেউ জিলাৰ আশাৰ অভিৱৰ্তন অনুষ্ঠিত কৰা হয়। চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই আশা অভিৱৰ্তনত মুখ্য অতিথিৰূপে উপস্থিত থাকি আশাকর্মীসকলক উৎসাহিত কৰে। ভাষণ প্রসংগত উপায়ুক্তগৰাকীয়ে কয় যে আশাকর্মীসকলে স্বাস্থ্য বিভাগৰ সকলো কামতে সহায়-সহযোগিতা আগবঢ়াই কামসমূহ সম্পন্ন কৰাত মুখ্য ভূমিকা গ্রহণ কৰি আহিছে। উদাহৰণ স্বৰূপে ক’ভিডৰ সংক্ৰমণৰ সময়ত আশাকর্মীসকলে উল্লেখযোগ্য ভূমিকা লৈ সংক্রমণ প্ৰতিৰোধত সহযোগিতা আগবঢ়াইছিল। তেনেদৰে শিশুৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাতো বিশেষ ভূমিকা লৈ আছে। জিলাখনত জটিলতা থকা গৰ্ভৱতী মহিলাৰ বাবে উপায়ুক্তগৰাকীৰ উদ্যোগত লোৱা জিলাভিত্তিক প্রকল্প ‘ প্রকল্প সৌভাগ্য ’ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে আশাকর্মীসকলে। আশাকৰ্মীসকলৰ সকলো ধৰণৰ সহায়-সহযোগিতাৰ বাবে তেওঁলোকক উপায়ুক্তগৰাকীয়ে বিশেষভাৱে প্ৰশংসা কৰে আৰু ধন্যবাদ জনায়। আশা অভিবৰ্তনত অতিৰিক্ত উপায়ুক্ত ( স্বাস্থ্য ) মৌচুমী চেতিয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ চৈয়দ তৌফিক হুছেইনৰ লগতে সকলো চিকিৎসক , নাৰ্ছ আৰু আন আন স্বাস্থ্য বিভাগৰ লগত জড়িত বিষয়ববীয়া উপস্থিত থাকে ।