ক’ভিডৰ সুযোগ লৈ মূল্যবৃদ্ধি ঘটোৱা ব্যৱসায়ীক চোকা নজৰ দিয়ক
ডিচি–এছপিৰে মুখ্যমন্ত্রীৰ ভিডিঅ’ কনফাৰেঞ্চ
নিয়মীয়া বাৰ্তা ৭ মেঃ ৰাজ্যত ক’ভিড পৰিস্থিতি সম্পর্কত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডি’ কনফাৰেঞ্চযোগে এখন বৈঠকত মিলিত হয়৷ অৱশ্যে মুখ্যমন্ত্রী সোণোৱলে ভিডি’ কনফাৰেঞ্চত অংশগ্রহণৰ পূর্বে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে টেলিফোনযোগে ৰাজ্যত সাম্প্রতিক ক’ভিড পৰিস্থিতিৰ ওপৰত আলোচনা কৰি এই সম্পর্কত গ্রহণ কৰা পদক্ষেপসমূহৰ বুজ লয়৷ উক্ত টেলিফোনিক আলোচনাত স্বাস্থ্যমন্ত্রী ড০ শর্মাই স্বাস্থ্য বিভাগে সম্প্রতি ক’ভিড পৰিস্থিতিৰ মোকাবিলাৰ বাবে গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্রীক অৱগত কৰে৷
ভিডিঅ’ কনফাৰেঞ্চত মুখ্যমন্ত্রী সোণোৱালে ক’ভিড পৰিস্থিতিৰ সুযোগ লৈ কোনেও যাতে প্রয়োজনীয় ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি কৰিব নোৱাৰে, সেই দিশত চোকা দৃষ্টি ৰাখিবলৈ উপায়ুক্তসকলক নির্দেশ দিয়ে৷ সেইদৰে ক’ভিডৰ চিকিৎসা ব্যৱস্থা অধিক ফলপ্রসূ কৰি তুলিবলৈ উপায়ুক্তসকলক নিয়মীয়াকৈ চিকিৎসালয়সমূহ পৰিদর্শন কৰিবলৈ নির্দেশ দিয়াৰ লগতে চৰকাৰে যোগান ধৰা প্রয়োজনীয় ঔষধসমূহ চিকিৎসালয়সমূহে লাভ কৰিছে নে নাই, সেই দিশতো চোকা নজৰ ৰাখিবলৈ নির্দেশ দিয়ে৷ তৃণমূল পর্যায়ত চৰকাৰী বিষয়া আৰু বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাসমূক লৈ ক’ভিড পৰিস্থিতি সম্পর্কে সজাগতামূলক কার্যসূচী ৰূপায়ণ কৰিবলৈ মুখ্যমন্ত্রী সোণোৱালে উপায়ুক্তসকলক নির্দেশ দিয়ে৷
আনহাতে, ক’ভিড পৰিস্থিতি অধিক শোচনীয় হ’লে চৰকাৰে লকডাউনৰ দৰে পদক্ষেপ গ্রহণ কৰাৰ প্রয়োজনীয়তা আহি পৰিব পাৰে বুলি উল্লেখ কৰি তেনেবোৰ বিষয়ত জনসাধৰণক অৱগত কৰিবলৈ কয়৷ সাপ্তাহিক বজাৰসমূহ নিয়মিতভাৱে ছেনিটাইজেচন কৰা আৰু চাহ বাগিচা থকা জিলাসমূহে উপায়ুক্তসকলক বাগানৰ মেনেজাৰৰ লগত ক’ভিড সংক্রমণ ৰোধ, প্রয়োজনীয় চিকিৎসা আদিৰ বিষয়ে আলোচনা কৰাৰ নির্দেশ দিয়ে৷ কনটেইনমেণ্ট জ’ন ঘোষণাৰ পূর্বে জনসাধৰণক সঠিকভাৱে অৱগত কৰিবলৈ নির্দেশ দি মুখ্যমন্ত্রী সোণোৱালে কয় যে জনসাধৰণে যাতে প্রয়োজনীয় সামগ্রী ক্রয় কৰি লোৱাৰ সুযোগ লাভ কৰে, তাৰ ওপৰত গুৰুত্ব দিব লাগিব৷
সেইদৰে ক’ভিড পৰিস্থিতিৰ সুযোগ লৈ কোনেও যাতে মূল্যবৃদ্ধি কৰিব নোৱাৰে, সেই দিশত চোকা দৃষ্টি ৰখাৰ নির্দেশ দি কয় যে এইক্ষেত্রত চেম্বার্ছ অৱ কমার্চৰ লগত আলোচনা কৰি মূল্যমান সঠিককৈ ৰাখিব লাগে৷ সেইদৰে নিয়মীয় বিদ্যুৎ যোগান সুনিশ্চিত কৰি ৰাখিবলৈ এ পি ডি চি এলৰ বিষয়াসকলৰ লগত আলোচনা কৰিবলৈ উপায়ুক্তসকলক নির্দেশ দিয়ে৷ আনহাতে, সংক্রমণ যাতে আৰু অধিক বৃদ্ধি পাব নোৱাৰে, সেই দিশত সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰাৰ লগতে চিকিৎসা আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ বাবে নির্দেশ দিয়ে৷ হেল্থ কেয়াৰ ৱর্কাৰ আৰু ফণ্ট লাইন ৱর্কাৰৰ মনোবল যাতে অটুট থাকে, তাৰ বাবে এটা টীম হিচাপে কাম কৰিবলৈ উপায়ুক্তসকলক নির্দেশ দিয়ে৷
ভিডিঅ’ কনফাৰেঞ্চৰ সময়ত উপায়ুক্তসকলে জিলাৰ সাম্প্রতিক ক’ভিড পৰিস্থিতি আৰু গ্রহণ কৰা পদক্ষেপ, ক’ভিড ভেকচিন প্রদান, ক’ভিড কেয়াৰ চেণ্টাৰ, আই চি ইউ বেড, অক্সিজেন বেড, ৰোগীৰ সংখ্যা বৃদ্ধি পালে গ্রহণ কৰা ব্যৱস্থা, কনটেইনমেণ্ট জ’ন, চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত ক’ভিড ৰোগীৰ বাবে গ্রহণ কৰা পদক্ষেপ, জনসচেতনতা সৃষ্টি, অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি ৰোধ, সাপ্তাহিক বজাৰসমূহত লোৱা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে৷ ভিডিঅ’ কনফাৰেঞ্চৰ সময়ত প্রতিখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই চিকিৎসা মহাবিদ্যালয়সমূহত্ ক’ভিড ৰোগীৰ চিকিৎসা আৰু এইক্ষেত্রত আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে গ্রহণ কৰা বিষয়সমূহ মুখ্যমন্ত্রীক অৱগত কৰে৷
স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাই স্বাস্থ্য বিভাগে গ্রহণ কৰা পদক্ষেপ, প্রতিখন জিলাৰ ক’ভিড ৰোগী, অক্সিজেন চিলিণ্ডাৰ যোগান আৰু মজুতৰ স্থিতি, ক’ভিড এম্বুলেঞ্চ, অক্সিজেন কনছেনট্রেটৰ, অক্সিজেন বিছনা, আই চি ইউ আৰু আই চি ইউ মেনেজমেণ্টটিম, কনটেইনমেণ্ট জ’ন, টেষ্টিং ইত্যাদি বিষয়সমূহ মুখ্যমন্ত্রীক অৱগত কৰে৷ ৰাজ্যখনত যাতে পর্যাপ্ত পৰিমাণে অক্সিজেন মজুত থাকে আৰু জুৰুৰীকালীন সময়ত অক্সিজেনৰ কোনোপধ্যে নাটনি হ’ব নোৱাৰে, তাৰ বাবে ৰোড মেপ প্রস্তুত কৰিবলৈ স্বাস্থ্য বিভাগৰ প্রধান সচিবগৰাকীক নির্দেশ দিয়ে৷ আজিৰ এই ভিডি’ কনফাৰেঞ্চত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰো উপস্থিত থাকে৷