মৃত বন্যহস্তীৰ শৰীৰৰ অংগ নৃশংসভাৱে কাটি নিলে জীৱশ্রেষ্ঠই
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: গোৱালপাৰা জিলাৰ দৰংগিৰি–শান্তিপাৰাত উদ্ধাৰ হৈছে এটা বন্যহস্তীৰ মৃতদেহ৷ শান্তিপাৰাৰ এখন ধাননি পথাৰৰ মাজত বন্যহস্তীৰ মৃতদেহটো উদ্ধাৰ হয়৷ ৰংজুলি বনাঞ্চলিক কার্যালয়ৰ অন্তর্গত দৰংগিৰিৰ শান্তিপাৰাৰ ধাননি পথাৰত বিদ্যুৎস্পৃষ্ট হৈ এই বন্যহস্তীটো মৃত্যু হোৱাৰ সন্দেহ কৰিছে বনকর্মীসকলে৷ ধাননি পথাৰত সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰত লগাৰ ফলতেই বন্যহস্তীটোৰ মৃত্যু হোৱা বুলি বন বিভাগে দাবী কৰে৷
জানিব পৰা মতে, কালি নিশা ২৫–৩০টা বন্যহস্তীৰ এটা বৃহৎ জাকে পথাৰখনত শস্য খাবলৈ নামিছিল৷ এটা সময়ত আঁতৰি গৈছিল বন্যহস্তীৰ জাকটো৷ কিন্তু আজি পুৱা ৰহস্যজনকভাৱে ধাননি পথাৰখনত এটা মৃত বন্যহস্তী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰে অঞ্চলটোত৷
ঘটনাৰ খবৰ পোৱাৰ লগে লগে বন বিভাগৰ লোক ঘটনাস্থলীত পুৱাই উপস্থিত হয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসকৰ এটা দলো উপস্থিত হৈ মৃতদেহটো পৰীক্ষা কৰে৷ মৃতদেহটো নিৰীক্ষণ কৰি বন্যহস্তীটো বিদ্যুৎ সংযোগ হোৱাৰ বাবেই মৃত্যু হোৱাৰ সন্দেহ কৰিছে পশু চিকিৎসকৰ দলে৷
হাতীটোৰ মৃতদেহ পথাৰৰ পৰা উঠাই পশু চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰা হয় আৰু গাঁত খান্দি পুতি থোৱা হয়৷ হাতীটোৰ গাত বিদ্যুতৰ তাঁৰত লগাৰ চিন স্পষ্ট বুলি জনায় পশু চিকিৎসকে৷ ইপিনে মৃত হাতীটোৰ শৰীৰৰ অংগও কাটি নিয়ে একাংশ জীৱশ্রেষ্ঠই৷ এই কার্যক লৈ অঞ্চলটোত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷