নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথঘাটত উদ্ধাৰ ইন্দ্রেশ্বৰ বৰাৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ  নিমাতীঘাটত নাও দুর্ঘটনাৰ কৰুণ কাহিনীৰ অৱশেষত সাক্ষী হ’ল ঐতিহাসিক বিশ্বনাথঘাট৷ যোৱা ৮ ছেপ্টেম্বৰত পত্নীক জীৱনদান দি নিজেই মহাবাহু ব্রহ্মপুত্রৰ বুকুত বিলীন হৈ যোৱা ইন্দ্রেশ্বৰ বৰাৰ বেগ এটা শুকুৰবাৰে বিশ্বনাথত উদ্ধাৰ হোৱাৰ পাছতে আজি পুৱাই ইন্দ্রেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ হয় বিশ্বনাথঘাটৰ ভাচাতাপুত।

ভটিয়নি সোঁতত উটি অহা মৃতদেহটো আজি উদ্ধাৰ কৰা হয়। ব্রহ্মপুত্রৰ মাজত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰক্ষীয়ে নিয়মীয়া তহলৰ সময়তে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পাছত আৰক্ষীয়ে মৃতদেহটোৰ পকেটৰ পৰা উদ্ধাৰ হোৱা নথি-পত্ৰৰ সহায়তেই মৃতদেহটো ইন্দ্রেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰে।

উল্লেখ্য যে শুকুৰবাৰে উদ্ধাৰ হোৱা ইন্দ্রেশ্বৰ বৰাৰ বেগত আধাৰ কার্ড, ভোটাৰ কার্ড, পান কার্ড, মেখেলা–চাদৰ আৰু পুৰুষৰ চার্ট পোৱা গৈছিল৷

 

You might also like