নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ অসম আৰক্ষীয়ে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে নিৰ্ণায়ক যুঁজ অব্যাহত ৰখাৰ সময়তেই শিৱসাগৰত ভয়ংকৰ আগ্ৰাহী ৰূপত বৰবিহ ড্ৰাগছৰ বেহাই চুবুৰিয়ে চুবুৰিয়ে শিপাবলৈ লোৱাৰ ঘটনাই সচেতন মহলক উদ্দিগ্ন কৰি তুলিছে ৷শিৱসাগৰ আৰক্ষীৰ নিৰন্তৰ অভিযানৰ মাজতো ঐতিহ্য মণ্ডিত জিলাখনৰ প্ৰান্তে প্ৰান্তে এটা কূখ্যাত মাফিয়া চক্ৰই অতি সংগোপনে এই মাৰাত্মক বৰবিহৰ অবাধ প্ৰচলন ঘটোৱাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তেই যোৱা নিশা শিৱসাগৰ আৰক্ষীৰ জালত পৰিল এটা বৃহৎ ড্ৰাগছ ব্যৱসায়ী চক্ৰ ৷এক গোপন সুত্ৰৰ পম খেদি এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত সদৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক সুত্ৰধৰ, নগৰ উপ পৰিদৰ্শক নৱজ্যোতি দাস ,জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন ৰাজখোৱা আৰু সদৰ থানাৰ দ্বিতীয় বিষয়া ৰাজীৱ আহমেদৰ সহযোগত চলোৱা অভিযান কালত আটক কৰিবলৈ সক্ষম হোৱা ড্ৰাগছ সৰৱৰাহকাৰী কেইটা হৈছে বিশাল দাস (২৫), নীলিম ৰাউট (২৮) আৰু পাৰ্থ চাংমাই (২৪)৷ অভিযানকাৰী আৰক্ষীৰ দলটোৱে সৰৱৰাহকাৰী কেইটাৰ জিম্মাৰ পৰা অভিলেষসংখ্যক ১৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, এ এচ ০৪ ভি, ১৫৯৮ নম্বৰৰ এখন স্কুৰ্টীৰ লগতে তিনিটা মবাইল ফোনো জব্দ কৰিবলৈ সক্ষম হয় ৷প্ৰাপ্ত বাতৰি মতে বিগত কেইবাটাও দিন ধৰি মঠাদাং অঞ্চলৰ এজন যুৱকে শিৱসাগৰ চহৰ আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চলত ড্ৰাগছ ভৰ্তি কন্টেইনাৰ বিভিন্ন গ্ৰাহকক গোপনে বিক্ৰি কৰি থকাৰ তথ্য লাভ কৰিছিল৷ কিন্তু চতুৰ ব্যৱসায়ীটোৰ কোনো তথ্য লাভ কৰা নাছিল ৷শেহতীয়াকৈ মূল পেডলাৰ গৰাকীয়ে ব্যৱহাৰ কৰি থকা স্কুৰ্টী খনৰ সন্দৰ্ভদ শিৱসাগৰ আৰক্ষীক এক নিৰ্ভৰ যোগ্য সুত্ৰই জনাইছিল সৱিশেষ তথ্য ৷এই তথ্যৰ ভিত্তিতেই কালি সন্ধিয়াৰ পৰাই কেওগৰাকী বিষয়াৰ নেতৃত্বত পৃথকে পৃথকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অসামৰিক পোচাকত চলাইছিল অভিযান ৷গ্ৰাহকৰ বেশেৰে ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰতেই উল্লেখিত সন্দেহজনক স্কুৰ্টী সহ বিশাল দাসক আটক কৰাৰ পিছতেই কেইবাটাও ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ইয়াৰ পিছতেই অভিযানকাৰী দলটোৱে পেডলাৰ বিশাল দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত মঠাদাং জিজিএচ ৰ সমীপত থকা বাসগৃহত ধৃত বিশালক লগত লৈ অভিযান চলোৱাত ১৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰকে ধৰি মুঠ ৭৪ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম ৷স্মৰ্তব্য যে, বিগত দুটা বছৰৰ ভিতৰত শিৱসাগৰ আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে ইমান বিশাল পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ইফালে বিশালৰ স্বীকাৰোক্তিৰ ভিত্তিত চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা এই মাৰাত্মক বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত নীলিম ৰাউট আৰু পাৰ্থ চাংমাই নামৰ আন দুটা পেডলাৰকো আটক কৰিবলৈ সক্ষম হয় ৷প্ৰায় তিনি ঘন্টা যোৰা অভিযানকালত আটক কৰিবলৈ সক্ষম হোৱা ধৃত তিনি পেডলাৰক সদৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে শীৰ্ষ আৰক্ষী বিষয়াই ৷উল্লেখ্য যে উজনিৰ আন জিলাৰ তুলনাত শিৱসাগৰ জিলাত বৰ্তমানেও মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে ৷সচেতন মহলে ধৃত বিশাল, পাৰ্থ, নীলিমৰ দৰে কূখ্যাত পেডলাৰ স্বীকাৰোক্তিৰ আঁত ধৰিয়েই সমগ্ৰ চক্ৰটোক পুলিয়ে পোঁখাই উৎখাতৰ বাবে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান