নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ সুদক্ষ ফুটবল খেলুৱৈ বৃন্দাদা দেহাৱসান

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ এসময়ত ধুবুৰীৰ ঐতিহ্যমণ্ডিত টাউন ক্লাবৰ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ ৰূপে সুখ্যাতি পোৱা অৰবিন্দু সৰকাৰ আৰু নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬০ বছৰ। ধুবুৰীৰ সামাজিক ক্ষেত্ৰখনত অতি সৰবৰহী ব্যক্তি আছিল তেওঁ। চহৰখনৰ স্থানীয় ৰাইজৰ মাজত বৃন্দাদা নামেৰে সকলোৰে পৰিচিত আছিল তেওঁ। ধুবুৰীৰ ১৩নং ৱাৰ্ডত অঞ্চলত জন্ম লভা সৰকাৰে অঞ্চলটোৰ শান্তিনগৰৰ বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত ধুবুৰী আৰ কে বসু বাংলা বিদ্যাপীঠৰ পৰা মাধ্যমিক পাচ কৰিছিল তেওঁ। সৰুৰে পৰা ধুবুৰীৰ খেল-ধেমালিৰ জগতখন ওতঃপ্ৰোত ভাৱে জড়িত থকা অৰবিন্দু সৰকাৰে দীৰ্ঘ বহু বছৰ ধুবুৰী ক্ৰীড়া সন্থাৰ সৈতেও জড়িত আছিল। পিছলৈ গৈ বিদ্যুৎ বিভাগত চাকৰি কৰা সৰকাৰে সম্প্ৰতি অৱসৰ গ্ৰহণ কৰিছিল। জানিব পৰা মতে, যোৱানিশা অকষ্মাতে অসুস্থ হৈ পৰাত প্ৰথমে তেওঁক ধুবুৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ নিয়া হৈছিল। কিন্তু চিকিৎসালয় খনৰ পৰামৰ্শ অনুযায়ী তেওঁক বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ নিয়া হয় যদিও ইতিমধ্যে তেখেতৰ মৃত্যু হয়। আজি দুপৰীয়া সৰকাৰ গৃহৰ পৰা তেখেতৰ নশ্বৰ দেহ ধুবুৰীৰ টাউন ক্লাবলৈ নিয়া হয় আৰু ক্লাব কৰ্তৃপক্ষ, আৰু সদস্যসকলে অশ্ৰুসিক্ত নয়নেৰে তেখেতক শেষ বিদায় জনায়। ইতিমধ্যে ধুবুৰীৰ শ্মশানত পৰিয়ালৰ লোক আৰু অলেখ গুণমুগ্ধৰ উপস্থিতিত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হৈছে। অৰবিন্দু সৰকাৰৰ এই আকষ্মিক মৃত্যুত ধুবুৰী সৰ্বত্ৰই এতিয়া শোকৰ ছাঁ পৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like