ক’ৰোনাত শনিবাৰে দুই ব্যক্তিৰ মৃত্যু আক্রান্ত ২২৩গৰাকী
নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ ৰাজ্যখনত ক’ভিডত আক্রান্তৰ সংখ্যা কমি অহাৰ লগতে সুস্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পালেও মৃত্যুৰ ধাৰা এতিয়াও অব্যাহত আছে৷ কালিৰ দিনটোতো ক’ভিডত আক্রান্ত হৈ দুগৰাকী লোক মৃত্যুমুখত পৰে৷ ইয়াৰ লগে লগে অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭৩গৰাকীলৈ বৃদ্ধি পালে৷
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি কালি যোৰহাটৰ ৰঞ্জন গগৈ (৫২) আৰু চিৰাঙৰ ক্ষীৰুবালা বর্মন (৬৫)ৰ মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই দুয়োগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে, কালি ৰাজ্যখনত নতুনকৈ ২২৩গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ ইয়াৰ ৭০গৰাকী কামৰূপ (মেট্র’) জিলাৰ৷
কালিৰ দিনটোত মুঠ ১৯,৮৪৪গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ১.১২ শতাংশ৷ মন কৰিবলগীয়া এয়ে যে ৰাজ্যখনত এতিয়ালৈ মুঠ ২,১১,৪২৭গৰাকী লোক ক’ভিডত আক্রান্ত হয় যদিও ২,০৭,২১৯গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে৷ বর্তমান বিভিন্ন হাস্পতালত ৩,২৩২গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত বর্তমান সুস্থতাৰ হাৰ ৯৮.০১ শতাংশ৷ সক্রিয় হৈ থকা ৰোগীৰ হাৰ ১.৫২ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৪৬ শতাংশ৷